বাক্সা,২৯ ছেপ্টেম্বৰ : বাক্সাৰ তামুলপুৰত ঠিকাদাৰৰ কামত ক্ষুদ্ধ হৈ স্থানীয় ৰাইজে বন্ধ কৰিলে কালভাৰ্ট নিৰ্মাণৰ কাম। পকী কালভাৰ্ট নিৰ্মাণৰ নামত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে । কিছুদিন পূৰ্বে কচুকাটা আৰু বেলবাৰী সংযোগী গড়কাপ্তানি পথৰ কচুকাটাৰ সমীপত পকী কালভাৰ্ট নিৰ্মাণৰ কাম আৰম্ভ হৈছিল । পিছে, নিৰ্মাণকাৰ্যত নিম্ম মানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰি ক্ষোভিত হৈ পৰিছে কচুকাটাবাসী। ঠিকাদাৰে মাটি মিহলি বালি, ভঙা শিলৰ সলনি ডাঙৰ শিলত চিমেন্ট মিহলি কৰি লোৰ ৰ’ড ব্যৱহাৰ নকৰাকৈ কালভাৰ্টটো নিৰ্মাণ কৰিছে বুলি অভিযোগ কৰি আহিছে ৰাইজে ।
বাক্সাৰ তামুলপুৰত কালভাৰ্ট নিৰ্মাণত অনিয়ম - স্থানীয় ৰাইজ
বাক্সাৰ তামুলপুৰত কালভাৰ্ট নিৰ্মাণত ব্যাপক অনিয়ম। নিম্নমানৰ সামগ্ৰীৰে কালভাৰ্ট নিৰ্মাণ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। ঠিকাদাৰ আৰু গড়কাপ্তানী বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰি ৰাইজে বন্ধ কৰিলে নিৰ্মাণকাৰ্য।
এই বিষয়ে স্থানীয় ৰাইজে ঠিকাদাৰৰ সৈতে আলোচনা কৰ যদিও কোনো সুফল নাপালে । অৱশেষত মঙলবাৰে পুৱা কালভাৰ্টৰ নিৰ্মাণকাৰ্য বন্ধ কৰি দিয়ে ক্ষুদ্ধ ৰাইজে। ইয়াৰ পূৰ্বেও লতিবাৰীলৈকে সংযোগ কৰা গড়কাপ্তানী পথটোৰ একে স্থানতে এটা কালভাৰ্ট নিৰ্মাণ কৰা হৈছিল যদিও নিম্নমানৰ সামগ্ৰীৰে নিৰ্মাণ কৰা বাবে ভাগি যায়। ফলত দীৰ্ঘদিন ধৰি দুৰ্ভোগ ভুগি আহিছে অঞ্চলবাসীয়ে । নতুনকৈ কালভাৰ্ট নিৰ্মাণ হোৱাত কচুকাটাবাসীয়ে সকাহ পায় যদিও ঠিকাদাৰত কামত অসন্তুষ্টি প্ৰকাশ কৰে।
ঠিকাদাৰৰ নিৰ্দেশতেই সকলো কাম হৈছে বুলি মতপ্ৰকাশ কৰিছে কৰ্মৰত শ্ৰমিকে । আনহাতে নিৰ্মাণকাৰ্যৰ নামত আৱণ্টিত ধন ঠিকাদাৰে আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে । পুৱা ক্ষুদ্ধ ৰাইজে নিৰ্মাণকাৰ্য বন্ধ কৰাৰ লগতে নিৰ্ধাৰিত নীতি-নিয়মৰ মাজেৰে সঠিক ভাৱে কালভাৰ্টটো নিৰ্মাণৰ ক্ষেত্ৰত গড়কাপ্তানী বিভাগৰ তামুলপুৰ উপ-সংমণ্ডলৰ বিষয়া-কৰ্মচাৰীক উপযুক্ত ব্যৱস্থা গ্ৰহণৰ দাবী জনায় ৷
লগতে পঢ়ক :চোৰ আৰু চুৰি সাগ্ৰীৰে ভৰি পৰিল মৈৰাবাৰী থানা