অসম

assam

ETV Bharat / state

তামুলপুৰত তামোলে কঢ়িয়াইছে আশাৰ বতৰা - বাক্সা জিলা

বাক্সা জিলাৰ তামুলপুৰৰ বাসীয়ে বছৰি প্ৰায় 5 কোটিতকৈ অধিক টকা লাভ কৰে । নাম যি তামুলপুৰ উৎপাদনো তামোল । তামুলপুৰত বসবাস কৰা সকলো লোকৰ ঘৰৰ বাৰীত তামোলৰ গছ শাৰী শাৰী ।

চিনাকি তামোলৰে তামুলপুৰবাসীয়ে উলিয়াইছে নতুন পথ

By

Published : Apr 26, 2019, 1:05 AM IST

Updated : Apr 26, 2019, 2:12 AM IST

বাক্সা, 25 এপ্ৰিল : বাক্সা জিলাৰ তামুলপুৰ-অঞ্চলটোৰ নামটোৰ সাৰ্থকতাত প্ৰমাণ কৰিবলৈ যেন ওলাই আহিছে একাংশ তামুলপুৰবাসী ৷

তামুলপুৰত বসবাস কৰা সকলো লোকৰ ঘৰৰ বাৰীত আছে তামোলৰ শাৰী শাৰী গছ । এই তামোলৰ ব্যৱসায়ৰ জৰিয়তে তামুলপুৰৰ বহু লোকে উপাৰ্জনৰ বাট মুকলি কৰিছে ৷ নাগ্ৰীজুলী,গুৱাবাৰী,কাউলী, বৃহত্তৰ বগাজুলী আদি অঞ্চলত তামোল বিক্ৰি কৰি 60 হাজাৰৰ পৰা 5 লাখলৈ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে একো একোটা পৰিয়ালে । কিছু সংখ্যক লোকে গোটা তামোলকে প্ৰতি কুইন্টলৰ হিচাপত বিক্ৰী কৰি 3 হাজাৰ টকালৈকে লাভ কৰে ।

চিনাকি তামোলৰে তামুলপুৰবাসীয়ে উলিয়াইছে নতুন পথ

লগতে পঢ়ক : ধান নহয় মোনে মোনে ওলাইছে পতান, কৃষকৰ আশাত চেঁচাপানী ঢালিলে কোনে ?


আনহাতে কিছুসংখ্যক লোকে চুপাৰি ব্যৱসায় কৰি প্ৰতি কিলোগ্ৰামত 250 টকালৈকে লাভ কৰিছে ৷ জানিব পৰা মতে একাংশ বৰপেটাৰ ব্যৱসায়ীয়ে আহি এই অঞ্চলৰ তামোল সমূহ ক্ৰয় কৰে । তদুপৰি একাংশ গৰাকীয়ে নিজেও বজাৰত বিক্ৰী কৰে ৷ অনাগত দিনত তামুলপুৰৰ অৰ্থনৈতিক ক্ষেত্ৰখনত তামোলে অনন্য অৱদান আগবঢ়োৱাৰ নিশ্চয় থল আছে ৷

Last Updated : Apr 26, 2019, 2:12 AM IST

ABOUT THE AUTHOR

...view details