অসম

assam

ETV Bharat / state

New district of Assam: আজিৰে পৰা নতুন জিলা হিচাপে স্বীকৃতি তামুলপুৰক - আজিৰে পৰা নতুন জিলা হিচাপে স্বীকৃতি তামুলপুৰক

অসমৰ নতুন জিলাৰ তালিকাত অন্তৰ্ভুক্ত হ'ল তামুলপুৰ । জিলা হিচাপে তামুলপুৰত প্ৰথমটো গণৰাজ্য দিৱস পালন (Republic day celebration in new district Tamulpur)। পতাকা উত্তোলন কৰে ৰাজ্য চৰকাৰৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই ৷

New district of Assam
আজিৰে পৰা নতুন জিলা হিচাপে স্বীকৃতি তামুলপুৰক

By

Published : Jan 26, 2022, 3:59 PM IST

বাক্সা,২৬ জানুৱাৰী :ৰাজ্যৰ মানচিত্ৰত আজিৰে পৰা সংযোজিত হ'ল তামুলপুৰ জিলা (Tamulpur inducted as new district in Assam)৷ দেশৰ ৭৩ সংখ্যক গণৰাজ্য দিৱসৰ পতাকা উত্তোলনেৰে তামুলপুৰক জিলা হিচাপে ঘোষণা কৰিলে ৰাজ্য চৰকাৰৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই (Republic day celebration in new district Tamulpur) ৷ তামুলপুৰ জিলা সদৰ তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত জিলাখনৰ প্ৰথম গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰাৰ পাছতে আৰক্ষী আৰু বেটেলিয়ন জোৱানসকলৰ পেৰেডৰ অভিবাদন গ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে ৷

আজিৰে পৰা নতুন জিলা হিচাপে স্বীকৃতি তামুলপুৰক

উল্লেখ্য যে গণৰাজ্য দিৱসৰ কাৰ্যসূচীত নৱগঠিত তামুলপুৰ জিলাৰ উপায়ুক্ত সীমান্ত কুমাৰ দাস, আৰক্ষী অধীক্ষক পংকজ যাদৱ, তামুলপুৰ বিধান সভা সমষ্টিৰ বিধায়ক জলেন দৈমাৰীসহ কেইবাগৰাকী বিটিআৰৰ কাৰ্যবাহী সদস্য, চৰকাৰী বিষয়া-কৰ্মচাৰী আৰু জ্যেষ্ঠ নাগৰিকসকল উপস্থিত থাকে ৷ ইফালে গণৰাজ্য দিৱসৰ দিনাই ৰাজ্যৰ ৩৬ নম্বৰ জিলা হিচাপে ঘোষণা হ’ল তামুলপুৰ লগতে ই বিটিআৰৰ পঞ্চমখন জিলা ৷

ইফালে প্ৰশাসনিকভাৱে তামুলপুৰ জিলা হিচাপে ঘোষণা হোৱাৰ পাছতে তামুলপুৰত আনন্দৰ জোৱাৰ উঠিছে ৷ ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োক ধন্যবাদ জ্ঞাপন কৰে বিভিন্নজনে ৷

লগতে পঢ়ক :Republic Day 2022 : বৰপেটাত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত উপায়ুক্তৰ অংশগ্ৰহণ

For All Latest Updates

ABOUT THE AUTHOR

...view details