তামুলপুৰ, 12 জুনঃ১৯৮৬ চনত অগপ চৰকাৰৰ দিনতে নিৰ্মাণ কৰা হৈছিল তামুলপুৰৰ এখন চিকিৎসালয়, কিন্তু আজিকোপতি মুকলি নহ'ল চিকিৎসালয়খন ৷ বাক্সা জিলা আৰু কামৰূপ জিলাৰ সীমান্তত 33 বছৰ পূৰ্বে বৃন্দাবন অঞ্চলটোত নিৰ্মাণ কৰা হৈছিল ৩০খন বিচনাযুক্ত চিকিৎসালয়খন ৷ কিন্তু পৰিতাপৰ বিষয় যে, আজি ৩৩ বছৰে ৰাইজৰ বাবে মুকলি কৰি দিয়া নহ'ল চিকিৎসালয়খন ৷
চিকিৎসালয় গৃহৰ লগতে কৰ্মচাৰীৰ আবাসগৃহ পৰ্যন্ত সম্পূৰ্ণ হৈ উঠাৰ পাছতো চিকিৎসালয়খন মুকলি নকৰাৰ ফলত এতিয়া হাবি-জংঘলে আৱৰি পেলাইছে গৃহসমূহ । চিকিৎসালয়খনৰ বহুকেইটা গৃহ জহি-খহি যোৱাও পৰিলক্ষিত হৈছে ।