অসম

assam

ETV Bharat / state

আৰক্ষীৰ অভিযানত তামুলপুৰত চোৰাং গৰু জব্দ - তামুলপুৰত চোৰাং গৰু জব্দ নিউজ

বাক্সাৰ তামুলপুৰ আৰক্ষীৰ বৃহৎ সাফল্য । সৰবৰাহকাৰীৰ গাড়ীসহ দুটাকৈ চোৰাং গৰু জব্দ ৷ তদন্ত অব্যাহত ৷

তামুলপুৰত সৰবৰাহকাৰীৰ গাড়ীসহ দুটাকৈ চোৰাং গৰু জব্দ

By

Published : Sep 14, 2019, 2:18 PM IST

তামুলপুৰ, 14 ছেপ্টেম্বৰ: বাক্সাৰ তামুলপুৰ আৰক্ষীৰ বৃহৎ সাফল্য ৷ তামুলপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অসীম বৰাৰ নেতৃত্বত এক অভিযান চলাই শনিবাৰে পুৱতি নিশা তামুলপুৰত চোৰাং গৰুসহ টাটা ডি আই গাড়ী এখন জব্দ কৰিবলৈ সক্ষম হয় ৷

বাক্সাৰ তামুলপুৰত চোৰাং গৰুসহ জব্দ হ'ল সৰবৰাহকাৰী গাড়ী
জব্দকৃত টাটা ডি আই গাড়ী নং এছ -২৫ ডিচি-৮৪২৩ বাহনখনত দুটা চোৰাং গৰু আছিল ৷ আৰক্ষীৰ অভিযানত গৰুসহ ডি আই গাড়ী জব্দ কৰিবলৈ সক্ষম হয় যদিও গৰুচোৰসহ গাড়ীৰ চালকজনে পলায়ন কৰে ৷ পিছত আৰক্ষীয়ে গাড়ীখন তামুলপুৰলৈ আনি তদন্ত অব্যাহত ৰাখিছে ৷ আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়াৰ অন্তত গৰুচোৰ চক্ৰটো উৎখাত কৰিবলৈ সক্ষম হ'ব বুলি জানিবলৈ দিয়ে ৷

ABOUT THE AUTHOR

...view details