বাক্সা,১৩ এপ্ৰিল: ৰঙালী বিহুলৈ মাজত মাত্ৰ এটা দিন বাকী ৷ ইতিমধ্যে ৰাজ্যবাসীয়ে বাপতি সাহোন ৰঙালী বিহুক আদৰিবলৈ ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে । ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া চলিছে বিহু নাচৰ আখৰা আৰু বিহু কৰ্মশালা । গাঁৱে-ভূঞে, চহৰে-নগৰে এতিয়া ঢোল-পেঁপাৰ মাতে ৰজনজনাই তুলিছে ৰাজ্যৰ আকাশ-বতাহ ।
তামুলপুৰৰ গান্ধীবাৰীত বিহু কৰ্মশালা - ৰাজ্য
তামুলপুৰৰ গান্ধীবাৰীৰ দক্ষিণ ডেফেলী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিহু কৰ্মশালা অনুষ্ঠিত । গান্ধীবাৰী অঞ্চলৰ ডেকা-গাভৰুৰ বিহু কৰ্মশালাত অংশগ্ৰহণ ৷
![তামুলপুৰৰ গান্ধীবাৰীত বিহু কৰ্মশালা তামুলপুৰৰ গান্ধীবাৰীত "বিহু কৰ্মশালা"](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11389906-thumbnail-3x2-aaa.jpg)
তামুলপুৰৰ গান্ধীবাৰীত "বিহু কৰ্মশালা"
তামুলপুৰৰ গান্ধীবাৰীত "বিহু কৰ্মশালা"
আগন্তুক ৰঙালী বিহু আদৰাৰ বাবে দক্ষিণ ডেফেলী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত দহদিনীয়া বিহু কৰ্মশালা অনুষ্ঠিত হয় । মুখ্য প্ৰশিক্ষক হিচাপে কামেশ্বৰ কলিতা আৰু পৰাগ কুমাৰ দাসৰ তত্বাৱধানত গান্ধীবাৰী অঞ্চলৰ ডেকা-গাভৰুৱে কৰ্মশালাত অংশগ্ৰহণ কৰি প্ৰশিক্ষণ গ্ৰহণ কৰে । মঙলবাৰে কৰ্মশালাৰ অন্তিমটো দিনত প্ৰশিক্ষণ গ্ৰহণ কৰা প্ৰশিক্ষাৰ্থীসকলে কৰ্মশালাৰ শেষত সমূহীয়াভাৱে বিহু নাচি উৎসৱমুখৰ পৰিৱেশ গঢ়ি তোলে ।
লগতে পঢ়ক :কান্ধত ঢোল লৈ ঢোলত চাপৰ দিলে 80 বছৰীয়া ককাই