বাক্সাত আটক সন্দেহজনক বাংলাদেশী - বাক্সাৰ নাগ্ৰীজুলিত এজন সন্দেহজনক বাংলাদেশী আটক
বাক্সাৰ নাগ্ৰীজুলিত এজন সন্দেহজনক বাংলাদেশী আটক কৰে আৰক্ষীয়ে
বাক্সা, 25 আগষ্ট : বাক্সা জিলাৰ তামুলপুৰ মস্কোৱামৰ অন্তৰ্গত নাগ্ৰীজুলি আৰক্ষী চকীৰ অধীনৰ লাউপাৰা চ'কত শণিবাৰে নিশা প্ৰায় ১০.৪৫ বজাত এজন সন্দেহযুক্ত বাংলাদেশী আটক হয় । আটকাধীন সন্দেহযুক্ত নাগৰিক জনৰ নাম মহম্মদ ৱাছেদ আলী ৷ ৱাছেদ আলীক শণিবাৰে নিশা নাগ্ৰীজুলিৰ লাউপাৰা চ'কত কেইজনমান স্থানীয় যুৱকে প্ৰত্যক্ষ কৰি নাগ্ৰীজুলি আৰক্ষীক অৱগত কৰাত ৱাছেদক নাগ্ৰীজুলি আৰক্ষী চকীলৈ লৈ যায় ৷ পাছত দেওবাৰে দিনৰ ভাগত ৱাছেদক তামুলপুৰ আৰক্ষী থানালৈ লৈ অনা হয় । সম্প্ৰতি ব্যক্তিজন তামুলপুৰ আৰক্ষীৰ জিম্মাত আছে আৰু অধিক তথ্যৰ বাবে আৰক্ষীয়ে সোধ পোচ অব্যাহত ৰাখিছে ৷ ৱাছেদ আলীৰ লগত কোনো ধৰণৰ নথি পত্ৰ পোৱা নাই আৰক্ষীয়ে । সীমান্ত আৰক্ষীয়ে জানিবলৈ দিয়া মতে ৱাছেদ আলী নামৰ লোকজন বাংলাদেশৰ পৰা তিনিবছৰ মান আগতে শ্বিলঙৰ বৰচলা হৈ ভাৰতত প্ৰৱেশ কৰিছিল ৷