বৰমা, ৯ আগষ্টঃবাক্সা জিলাৰ নিকাছিত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সফলতাৰে উৰ্ত্তীৰ্ণ হোৱা কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে এখন সভা অনুষ্ঠিত হয় ৷ নিখিল বড়ো ছাত্ৰ সন্থাৰ চমুকৈ (এবছু) নিকাছি আঞ্চলিক সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় এই সম্বৰ্ধনা সভাখন ৷ সভাখনত সভাপতিত্ব কৰে মিথিংগা ৰামছিয়াৰীয়ে ৷
দেওবাৰে বাক্সা জিলাৰ নিকাছিত সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সফলতাৰে উৰ্ত্তীৰ্ণ হোৱা কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা সভাত উপস্থিত থাকে নিখিল বড়ো ছাত্ৰ-সন্থা চমুকৈ এবছুৰ সাধাৰণ সম্পাদক বাচিৰাম স্বৰ্গীয়াৰী । সাধাৰণ সম্পাদকজনে সাংবাদিকৰ আগত মন্তব্য কৰে যে,বৰ্তমান প্ৰতিযোগিতাৰ যুগ,এই প্ৰতিযোগিতাৰ যুগত ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিযোগিতাৰ ভাবেৰে পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব । বৰ্তমান প্ৰতিযোগিতাৰ যুগত আইএএচ,আইপিএচ লাভৰ বাবে অধ্যয়নত লিপ্ত হোৱা পৰিলক্ষিত হৈছে । এয়া শুভ লক্ষণ বুলি অভিহিত কৰি আজিৰ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়নত মনোনিৱেশ কৰিলে সাফল্য নোহোৱাৰ কাৰণ নাই । সকলো ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিযোগিতাৰ ভাৱেৰে অধ্যয়ণ কৰিলে সফলতা লাভ কৰিব বুলি মন্তব্য কৰে ছাত্ৰ নেতাগৰাকীয়ে ৷