বাক্সা, 14 ছেপ্টেম্বৰ : ছাত্ৰ- ছাত্ৰীৰ প্ৰতিবাদত কঁপিল বাক্সাৰ বৰমা ৷ বাক্সা জিলাৰ দলবাৰীস্থিত একলব্য কেন্দ্ৰীয় আৱাসিক বিদ্যালয়ৰ কেইবা শতাধিক ছাত্ৰ- ছাত্ৰীয়ে কঁপালে বৰমাৰ ৰাজপথ ৷ বৰমাৰ ৰাজপথত সৃষ্টি হয় এক অভাৱনীয় পৰিস্থিতিৰ ৷ বাক্সা জিলা আয়ুক্ত মাচান্দা পাৰ্টিনৰ লগতে বাক্সা জিলা আৰক্ষী অধীক্ষক ৰাজেন সিং সহিতে কেইবাজনো বিষয়াই ছাত্ৰ- ছাত্ৰী সকলক বুজনি দিবলৈ চেষ্টা কৰে যদিও বিফল হয় ৷
উল্লেখ্য যে বাক্সা জিলাৰ দলবাৰীত অৱস্থিত একলব্য কেন্দ্ৰীয় আৱাসিক বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীসকল ওলাই আহি প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ দীৰ্ঘদিন ধৰি বিদ্যালয়খনত অধ্যয়নৰত ছাত্ৰ- ছাত্ৰীসকল শিক্ষা গ্ৰহণৰ পৰা লৈ বঞ্চিত হৈ থকাৰ অভিযোগ শিক্ষাৰ্থীসকলৰ ৷ ফলত বৃহস্পতিবাৰে বহুদিন ধৰি পাঠ গ্ৰহণৰ পৰা বঞ্চিত ছাত্ৰ- ছাত্ৰীসকল উত্তেজিত হৈ পৰে ৷ শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত ছাত্ৰ-ছাত্ৰী সকলে বিদ্যালয়ৰ পৰা ওলাই আহি ৰাজপথেৰে সমদল কৰে ৷ আৰক্ষীৰ বাধাকো নেওচি প্ৰতিবাদী কাৰ্যসূচী লোৱা ছাত্ৰ-ছাত্ৰী সকলে বাক্সাৰ জিলা আয়ুক্ত আৰু বাক্সা জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ সন্মুখতে ডিচি মুৰ্দাবাদ, অসম চৰকাৰ হায় হায়, শিক্ষা বিভাগ হায় হায় ধ্বনি দি মুছলপুৰ-বৰমা পথ উত্তাল কৰে ৷