ছাত্ৰ সংগঠনৰ প্ৰতিবাদেৰে উত্তাল তামুলপুৰ মহকুমাধিপতিৰ কাৰ্যালয়
বাক্সাৰ জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ৰঙিয়া-কাউৰবাহা-গান্ধীবাৰী-লতিবাৰী-নাগ্ৰীজুলিৰ ৩৬ কিলোমিটাৰ পথ মেৰামতিৰ দাবীত শুক্ৰবাৰে এক বিক্ষোপ কাৰ্যসূচী ৰূপায়ন কৰে কেইবাটাও ছাত্ৰ সংগঠনে ৷ শুক্ৰবাৰে দিনৰ 11 বজাত ৰূপায়ন কৰা উক্ত কাৰ্যসূচীত প্ৰতিবাদকাৰী দলটোৱে বিভিন্ন শ্লোগানেৰে তামুলপুৰ মহকুমাধিপতিৰ কাৰ্যালয় উত্তাল কৰি তোলে ৷
তামুলপুৰ, 8 নৱেম্বৰঃ বাক্সাৰ জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ৰঙিয়া-কাউৰবাহা-গান্ধীবাৰী-লতিবাৰী-নাগ্ৰীজুলিৰ ৩৬ কিলোমিটাৰ পথ মেৰামতিৰ দাবীত শুক্ৰবাৰে এক বিক্ষোপ কাৰ্যসূচী ৰূপায়ন কৰে কেইবাটাও ছাত্ৰ সংগঠনে ৷ শুক্ৰবাৰে দিনৰ 11 বজাত ৰূপায়ন কৰা উক্ত কাৰ্যসূচীত প্ৰতিবাদকাৰী দলটোৱে বিভিন্ন শ্লোগানেৰে তামুলপুৰ মহকুমাধিপতিৰ কাৰ্যালয় উত্তাল কৰি তোলে ৷ যি সময়ত ৰাজ্য চৰকাৰে উন্নয়নৰ ঢাক ঢোল বজাইছে, সেই সময়তে উক্ত পথছোৱাৰ এই জৰাজীৰ্ণ অৱস্থাই উন্নয়নৰ প্ৰকৃত স্বৰূপটোকে উদঙাই দিছে ৷ বিগত বহু বছৰ ধৰি পথচোৱা বিধ্বস্ত হৈ আছে যদিও চৰকাৰে কোনো গুৰুত্ত্ব নিদিয়াৰ অভিযোগ তুলি আজি আছু, এবছু,আৰছু,শৰণীয়া ছাত্ৰ সন্থা, অসম জাতীয় যুৱ ছাত্ৰ পৰিষদে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷