অসম

assam

By

Published : Jul 30, 2020, 8:49 AM IST

ETV Bharat / state

কৃষি কৰ্মৰে স্বাৱলম্বী এজন ছাত্ৰ নেতা

এজন ব্যক্তিক্ৰমী ছাত্ৰনেতা ৷ কেৱল ৰাজপথত আন্দোলনৰ মাজতে সীমাবদ্ধ নাথাকি কৃষিকৰ্মৰ জৰিয়তে বজাৰ দখল কৰাৰ লগতে অথনৈতিক ভেটি টনকিয়াল কৰাত নামি পৰিছে ৷

student-union-leder-as-a-farmer-at-beksha
কৃষি কৰ্মৰে স্বাৱলম্বী এজন ছাত্ৰ নেতা

বাক্সা,30 জুলাইঃ ৰাজ্যত কৰ’ণা মহামাৰীৰ সন্ত্ৰাসৰ বাবে লকডাউন আনফালে বানৰ বিভীষিকা ৷ তাৰ মাজতেই কৰ্মই ধৰ্ম বুলি শৰনাপন্ন হোৱা এগৰাকী ছাত্ৰ নেতা ৰাজপথত আন্দোলন কৰাৰ সমান্তৰালভাৱে কৃষিকাৰ্যত নিমগ্ন হৈ পৰিছে ৷ ছাত্ৰ নেতাগৰাকীৰ নাম দমন পাটোৱাৰী ৷ ঘৰ তামুলপুৰৰ ডিমিলাপাৰত ৷

তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি পদত কাৰ্য নিবাহ কৰি আছে এই নেতা গৰাকীয়ে ৷ ছাত্ৰ সন্থাৰ নেতা গৰাকীয়ে ছাত্ৰ সমাজক নেতৃত্ব দিয়াৰ সমান্তৰালভাৱে স্বাৱলম্বী হ’বলৈ প্ৰয়াস কৰা দেখা গৈছে ৷ তেওঁ নিজৰ ৬ বিঘা মাটিত জিকা, ভোট জলকীয়া আৰু লেচেৰা আদিৰ খেতি কৰিছে ৷ এই কাৰ্যত তেঁওৰ একমাত্ৰ সাৰথি কনিষ্ঠ ভাতৃ ৷

কৃষি কৰ্মৰে স্বাৱলম্বী এজন ছাত্ৰ নেতা

ইপিনে খেতিদৰাত বানে কিছু অনিষ্ট কৰিলে যদিওঁ এতিয়াও জহা ভোলৰ খেতিয়ে আশাৰ সঞ্চাৰ কৰিছে যুৱক জনৰ মনত ৷ বৰ্তমান যুৱক জনে প্ৰতি কিল'গ্ৰাম জহাভোলত ৩৫/৪০ টকা দৰত বিক্ৰী কৰি আহিছে ৷ বজাৰত এতিয়া শাক-পাচলিৰ মহঙা হোৱা সময়তে যুৱক জনৰ শাক-পাচলিয়ে যথেষ্ট সমাদৰ লাভ কৰিছে ৷ আনহাতে খেতিদৰাত হোৱা খৰছ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে বুলি জনায় ছাত্ৰ নেতা দমন পাটোৱাৰীয়ে ৷

সম্প্ৰতি কৃষিকাৰ্যৰে সুখী ছাত্ৰনেতা গৰাকীয়ে সমাজত এক বাৰ্তা কঢ়িওৱাৰ উপৰিও আন দহজন ছাত্ৰ, কৰ্মী তথা শিক্ষিত নিৱনুৱাৰ পথ পদৰ্শক হৈ পৰিছে ৷ জৈৱিক পদ্ধতিৰে কৰাৰ লগতে খেতিদৰাৰ পৰা দমন পাটোৱাৰীয়ে আত্মসংস্থাপনৰ বাট মুকলি কৰাত সচেতন মহলে প্ৰশংসা কৰা দেখা গৈছে ৷

লগতে পঢ়কঃ নগাঁৱত যান বাহন শাখাৰ মহিলা আৰক্ষীক সম্বৰ্ধনা আৰক্ষী অধীক্ষকৰ

ABOUT THE AUTHOR

...view details