বাক্সা,২২ জুন: বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে শনিবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে বাক্সাৰ তামুলপুৰ বাণিজ্য মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে। বি টি এডিত থকা সমূহ মহাবিদ্যালয়ক বড়োলেণ্ড বিশ্ববিদ্যালয়ত অন্তৰ্ভুক্ত কৰাৰ পাচত শিক্ষাৰ্থীসকল প্ৰয়োজনীয় সা-সুবিধাৰ পৰা বঞ্চিত হৈ থকাৰ লগতে নিৰ্ধাৰিত সময়ত পাঠ্যপুথি যুগুত কৰিব নোৱাৰাৰ অভিযোগ তুলি শিক্ষাৰ্থীসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। তামুলপুৰ মহকুমা আছু,তামুলপুৰ আঞ্চলিক আছুৰ সহযোগত প্ৰতিবাদকাৰী সকলে তামুলপুৰ বাণিজ্য মহাবিদ্যালয়ৰ পৰা মটঙাচকলৈ ৰঙিয়া ভূটান আন্তঃৰাষ্ট্ৰীয় পথৰে এক প্ৰতিবাদী সমদল উলিয়াই।
পাঠ্যপুথি যুগুটাবলৈ অসমৰ্থ বড়োলেণ্ড বিশ্ববিদ্যালঃ প্ৰতিবাদ ছাত্ৰ-ছাত্ৰীৰ - BAKSA PROTEST
বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত বাক্সাৰ তামুলপুৰ বাণিজ্য মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ। স্নাতক মহলাৰ ছাত্ৰ-ছাত্ৰীৰ বাবে নিৰ্ধাৰিত সময়ত পাঠ্যপুথি যুগুত কৰিব নোৱাৰাৰ বাবে সাব্যস্ত কৰে প্ৰতিবাদ ।
![পাঠ্যপুথি যুগুটাবলৈ অসমৰ্থ বড়োলেণ্ড বিশ্ববিদ্যালঃ প্ৰতিবাদ ছাত্ৰ-ছাত্ৰীৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3631662-46-3631662-1561204570575.jpg)
etv bharat
বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ
অতি শীঘ্ৰে ছাত্ৰ-ছাত্ৰীসকলক পাঠ্যপুথি যুগুটাব নোৱাৰিলে বড়োলেণ্ড বিশ্ববিদ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰো হুংকাৰ প্ৰদান প্ৰতিবাদকাৰীসকলৰ ।