অসম

assam

ETV Bharat / state

গণতন্ত্ৰ দিৱস উপলক্ষে বাক্সাৰ এখন বিদ্যালয়ৰ ব্যতিক্ৰমী প্ৰস্তুতি - দেশৰ প্ৰতি প্ৰতিজন নাগৰিক

71 সংখ্যক গণতন্ত্ৰ দিৱস উদযাপনৰ বাবে ব্যতিক্ৰমী প্ৰস্তুতি বাক্সাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত অভয়াপুৰ গাঁৱত অৱস্থিত সত্যনাৰায়ণ মধ্য ইংৰাজী বিদ্যালয়ৰ কেইবাগৰাকীও ছাত্ৰৰ ৷ বন্দে মাতৰমক নৃত্যৰ মাজেৰে উপস্থাপন কৰাৰ প্ৰস্তুতি চলাইছে ছাত্ৰ সকলে ৷

Student Preparation for Republic day in Baksa
গণতন্ত্ৰ দিৱসৰ উপলক্ষে বাক্সাৰ এখন বিদ্যালয়ৰ ব্যতিক্ৰমী প্ৰস্তুতি

By

Published : Dec 28, 2019, 2:13 PM IST

Updated : Sep 1, 2022, 2:27 PM IST

বাক্সা, 28 ডিচেম্বৰ: সমাগত দেশৰ 71 সংখ্যক গণতন্ত্ৰ দিৱস ৷ গণতন্ত্ৰ দিৱস উদযাপনৰ বাবে চৰকাৰী প্ৰতিষ্ঠান সমূহৰ সমান্তৰালকৈ দেশৰ প্ৰায় সকলো শিক্ষানুষ্ঠানতে চলোৱা হৈছে গণতন্ত্ৰ দিৱস উদযাপনৰ প্ৰস্তুতি ৷

দেশৰ আন প্ৰান্তৰ লগতে বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তত অৱস্থিত এখন বেচৰকাৰী বিদ্যালয়ৰ ছাত্ৰৰ এটা দলে প্ৰস্তুতি চলাইছে দেশ ভুক্তিমূলক জনপ্ৰিয় গীত বন্দে মাতৰমক নৃত্যৰ মাজেৰে উপস্থাপন কৰাৰ ৷ জিলাখনৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত অভয়াপুৰ গাওঁত অৱস্থিত সত্যনাৰায়ণ মধ্য ইংৰাজী বিদ্যালয়ৰ কেইবাগৰাকীও ছাত্ৰই নৃত্যটোৰে নিজৰ বিদ্যালয় খনৰ পৰিচয় দাঙি ধৰাৰ প্ৰয়াস কৰিছে ৷ যিটো গীতি নৃত্যত প্ৰতিফলিত হৈছে দেশৰ প্ৰতি প্ৰতিজন নাগৰিকৰে থকা অকৃত্ৰিম ভালপোৱাৰ ভাৱ ৷ প্ৰতিভা থাকিলে যে সেয়া বিকাশ হ'বলৈ কোনো ধৰণৰ বিশেষ সা-সুবিধাৰ প্ৰয়োজন নাই সেই কথাকে পুনৰ বাৰ প্ৰতিফলিত কৰিছে গীতটোত নৃত্য কৰা ছাত্ৰ সকলৰ নৃত্য প্ৰতিভা আৰু উপস্থাপনে ৷

উল্লেখ্য যে উক্ত বিদ্যালয় খন "আশা দৰ্শন" নামৰ এটা বেচৰকাৰী সংস্থাই পৰিচালনা কৰি আছে ৷ বিদ্যালয় খনত চৰকাৰী বিদ্যালয়ৰ সমান্তৰালকৈ মধ্যাহ্ন ভোজন আৰু বিনামূলীয়াকৈ পাঠদানৰ ব্যৱস্থা উপলব্ধ। নৃত্যটোত বিদ্যালয় খনৰ ছাত্ৰ সকলে শৰীৰত জাতীয় পতাকাৰ ৰং সানি দেশ ভুক্তিমূলক গীত বন্দেমাতৰম সুৰৰ তালে তালে নৃত্য কৰি অঞ্চলটোত যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷ গীতটোৰ নৃত্য পৰিচালনা কৰিছে বিদ্যালয়খনৰ এগৰাকী শিক্ষয়ত্ৰীয়ে ৷

লগতে চাওকঃ লাইনচ্যুত ভাৰতীয় ৰে’ল

Last Updated : Sep 1, 2022, 2:27 PM IST

ABOUT THE AUTHOR

...view details