অসম

assam

ETV Bharat / state

মৰ্মান্তিক ! নৈত গা ধুবলৈ গৈ সন্ধানহীন ছাত্ৰ - ৰাজু নেৱাৰ

তামুলপুৰৰ বাঙালীপাৰাত অঘটন। নৈত গা ধুবলৈ গৈ সন্ধানহীন হ’ল দশম শ্ৰেণীৰ ছাত্ৰ ৷ বাঙালীপাৰা উচ্চ মাধ্যমিক বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰগৰাকী ৷

মৰ্মান্তিক ! নৈত গা ধুবলৈ গৈ সন্ধানহীন ছাত্ৰ

By

Published : Aug 12, 2019, 5:29 PM IST

তামুলপুৰ, ১২ আগষ্টঃতামুলপুৰৰ বাঙালীপাৰাত মৰ্মান্তিক ঘটনা ৷ তামুলপুৰ মহকুমাৰ অন্তৰ্গত বাঙালীপাৰাৰ বৰনদীত গা-ধুবলৈ গৈ সন্ধানহীন ছাত্ৰ ৷ সন্ধানহীন যুৱকজন বাঙালীপাৰা গাঁৱৰ ঠাকুৰ নেৱাৰৰ পুত্ৰ ৰাজু নেৱাৰ ৷ বাঙালীপাৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰগৰাকী ৷

মৰ্মান্তিক ! নৈত গা ধুবলৈ গৈ সন্ধানহীন ছাত্ৰ

দেওবাৰে দহ জনীয়া বন্ধুৰ সৈতে বৰনদীত গা-ধুবলৈ গৈছিল যুৱক কেইজন। কিন্তু হঠাৎ পানীত পৰাত নৈৰ প্ৰৱল সোঁতে উটুৱাই লৈ যায় ৰাজু নেৱাৰক ৷ বন্ধু সকলে ৰাজু নেৱাৰক বিচাৰি পানীত ডুব দিয়ে যদিও সন্ধান উলিয়াবলৈ সক্ষম নহয় ৷ পিচত স্থানীয় ৰাইজ আৰু ছাত্ৰগৰাকীৰ অভিভাৱক খবৰ দিয়া হয়। পিচত ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় যদিও সন্ধিয়া হোৱাৰ বাবে দেওবাৰে উদ্ধাৰ অভিযান চলোৱাত ব্যৰ্থ হয় ৷

সোমবাৰে পুৱা ৯ বজাৰ পৰা এছ ডি আৰ এফ বাহিনীয়ে নৈত উদ্ধাৰ অভিযান চলাই যদিও বৰ্তমান লৈকে সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই ছাত্ৰগৰাকীৰ। অৱশ্যে নদীৰ প্ৰৱল সোঁতৰ বাবে উদ্ধাৰ অভিযানত ডুবাৰুৰ হে প্ৰয়োজন বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । গতিকে চৰকাৰ তথা জিলা প্ৰশাসন বিষয়াক এন ডি আৰ এফ বাহিনীৰে উদ্ধাৰ কাৰ্য চলাবলৈ দাবী জনায় ৷

ABOUT THE AUTHOR

...view details