বাক্সা, 12 মাৰ্চঃ বিটিচি নিৰ্বাচনৰ বাবে ইতিমধ্যে নিৰ্বাচনী আয়োগে 11 মাৰ্চত জাৰি কৰিছে অধিসূচনা । আগন্তুক ৪ এপ্ৰিলত অনুষ্ঠিত হ'ব বিটিচি নিৰ্বাচন । ইতিমধ্যে ৰাজনৈতিক দল সমূহে ৰাজনৈতিক বাক্যৰে আৰম্ভ কৰিছে আক্ৰমণ-প্ৰত্যাক্ৰমণ । বিটিচিৰ ৰাজনৈতিক বতাহ ক্ৰমান্বয়ে গৰম হ'বলৈ ধৰাৰ সময়তে বিপিএফ আৰু বিজেপিৰ মিত্ৰতাই লৈছে অন্য এক ৰূপ। এতিয়া দুয়োটা দলৰ মাজত মিত্ৰতা থাকিও চিপ্ৰাং মৰা ৰাজনীতিৰ বাকযুদ্ধ আৰম্ভ হৈছে ।
বৃহস্পতিবাৰে গোৰেশ্বৰ সমষ্টিৰ বিপিএফৰ কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰীয়ে এখন সভাত উপস্থিত থাকি তাপূৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই ৷ মহেশ্বৰ বসুমতাৰীয়ে কয়, বিজেপি দলৰ সৈতে মিত্ৰতা অক্ষুন্ন থাকিব , বিজেপি হয়তো তলে তলে চিপ্ৰাঙহে মাৰিব পাৰিব কিন্তু মিত্ৰতা ভংগ কৰিব নোৱাৰে ।