অসম

assam

By

Published : Feb 7, 2021, 7:36 AM IST

Updated : Feb 7, 2021, 8:09 AM IST

ETV Bharat / state

গ্ৰামাঞ্চলৰ জনতাৰ মাজত এছএছবিৰ ফিট ইণ্ডিয়া সজাগতা সভা

বাক্সা জিলাৰ সুৱনখাটাত সশস্ত্ৰ সীমা বলে আয়োজন কৰে ফিট ইণ্ডিয়া সজাগতা সভা ৷ গ্ৰামাঞ্চলৰ জনতাক সজাগ কৰিবলৈ তথা সুস্বাস্থ্যৱান হৈ থাকিবলৈ এই বিশেষ সভাৰ লগতে এক শিৱিৰো আয়োজন কৰে বাহিনীটোৱে ৷

গ্ৰামাঞ্চলৰ জনতাৰ মাজত এছএছবিৰ ফিট ইণ্ডিয়া সজাগতা সভা
গ্ৰামাঞ্চলৰ জনতাৰ মাজত এছএছবিৰ ফিট ইণ্ডিয়া সজাগতা সভা

বাক্সা, 7 ফেব্ৰুৱাৰী : বাক্সা জিলাৰ অন্তৰ্গত সুৱনখাটাৰ দক্ষিণকোচি প্ৰাথমিক বিদ্যালয়ত ফিট ইণ্ডিয়া শীৰ্ষক শিবিৰৰ আয়োজন কৰে সশস্ত্ৰ সীমা বলে ৷ বৰমাস্থিত এছএছবিৰ 64 বেটালিয়নৰ উদ্যোগত এই সজাগতা সভাৰ লগতে শিৱিৰ আয়োজন কৰে বাহিনীটোৱে ৷ সভাত অংশগ্ৰহণ কৰে ৰঙিয়া ছেক্টৰ এছএছবিৰ ডিআইজি জে পি সিঙে ৷

এই সজাগতা সভাত অঞ্চলবাসী ৰাইজক বিনামূলীয়া চিকিৎসা প্ৰদানৰ লগতে পশু চিকিৎসা আৰু ঔষধ বিতৰনকে ধৰি দৰিদ্ৰ খেতিয়কসকলক খেতিৰ বাবে ব্যৱহৃত বিশেষ সা-সঁজুলিৰ লগতে উন্নত প্ৰজাতিৰ বীজো বিতৰণ কৰে বাহিনীটো ।

ফিট ইণ্ডিয়া শিৱিৰে অঞ্চলবাসী ৰাইজৰ মাজত সজাগতাৰ লগতে উৎসাহ প্ৰদান কৰে বুলি কয় ৰঙিয়া ছেক্টৰ এছএছবিৰ ডিআইজি জে পি সিঙে ৷ তেওঁ লগতে কয় যে জনসাধাৰণৰ লগত সম্পৰ্ক মধুৰ কৰা আৰু জনসাধাৰণক সুৰক্ষিত ৰখাই আমাৰ লক্ষ্য আৰু উদ্দেশ্য ।

গ্ৰামাঞ্চলৰ জনতাৰ মাজত এছএছবিৰ ফিট ইণ্ডিয়া সজাগতা সভা

ফিট ইণ্ডিয়া নামৰ শিৱিৰৰ পৰা লাভাম্বিত হৈ অঞ্চলবাসী ৰাইজে ধন্যবাদ জ্ঞাপন কৰে এছএছবি বাহিনীক । এই অনুষ্ঠানত উপস্থিত থাকে এন কে টন্টা, 64 এছএছবিৰ কামাণ্ডেন্ট সন্দীপ পনীয়া, সুৱনখাটা ৰাজ্যিক অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ডাঃ নন্দিনী বৰুৱা আৰু বৰবৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নৱজিৎ তালুকদাৰ ৷

লগতে পঢ়ক :বাক্সা জিলাৰ ভিন্ন প্ৰান্তত এছ.এছ.বি জোৱানৰ বৃক্ষৰোপন কাৰ্যসূচী

Last Updated : Feb 7, 2021, 8:09 AM IST

ABOUT THE AUTHOR

...view details