বাক্সা,16মাৰ্চ:বাক্সা জিলাৰ চৰাইমাৰীত উলহ-মালহেৰে অনুষ্ঠিত হৈছে ঐতিহ্যমণ্ডিত ৭৫ সংখ্যক শ্ৰী শ্ৰীশিৱ পূজা মহামেলা ৷ সাতদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা এই মহামেলাত সমাগম ঘটে বহু ভক্তপ্ৰাণ ৰাইজৰ ৷ অতীতৰে পৰা চলি অহা এই মহামেলাত এইবেলিও সমাহাৰ ঘটিছে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ ৷ ৰাইজৰ বিপুল সহাৰিৰে অনুষ্ঠিত হোৱা এই অনুষ্ঠানটোত বিভিন্ন বিপনীৰে বাৰেবৰণীয়া পৰিৱেশৰ সৃষ্টি হৈছে ।
সাতদিনীয়া কাৰ্যসূচীৰে চৰাইমাৰীত অনুষ্ঠিত হৈছে শ্ৰী শ্ৰীশিৱ পূজা মহামেলা - বাক্সা জিলাৰ চৰাইমাৰী
বাক্সা জিলাৰ চৰাইমাৰীত উলহ-মালহেৰে অনুষ্ঠিত হৈছে ঐতিহ্যমণ্ডিত ৭৫ সংখ্যক শ্ৰী শ্ৰীশিৱ পূজা মহামেলা ৷ সাতদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা এই মহামেলাত সমাগম ঘটে বহু ভক্তপ্ৰাণ ৰাইজৰ ৷ অতীতৰে পৰা চলি অহা এই মহামেলাত এইবেলিও সমাহাৰ ঘটিছে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ ৷
![সাতদিনীয়া কাৰ্যসূচীৰে চৰাইমাৰীত অনুষ্ঠিত হৈছে শ্ৰী শ্ৰীশিৱ পূজা মহামেলা সাতদিনীয়া কাৰ্যসূচীৰে চৰাইমাৰীত অনুষ্ঠিত হৈছে শ্ৰী শ্ৰীশিৱ পূজা মহামেলা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11024770-thumbnail-3x2-vsv.jpg)
সাতদিনীয়া কাৰ্যসূচীৰে চৰাইমাৰীত অনুষ্ঠিত হৈছে শ্ৰী শ্ৰীশিৱ পূজা মহামেলা
স্থানীয় শিল্পীৰ গীত-মাত পৰিৱেশনৰ লগতে আমন্ত্ৰিত শিল্পীয়ে সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন কৰে ৷ ইতিমধ্যে এইবেলি শিল্পী অখিল ৰঞ্জন, কুমাৰ তপন, নিকিতা কাশ্যপ, দেৱনাথ, মনোজ কাশ্যপ আৰু কলকাতাৰ চেনদে পাৰ্থ আদিয়ে গীত পৰিবেশন কৰিব বুলি ৭৫ সংখ্যক শ্ৰীশ্ৰী শিৱ পূজা মহামেলা সমিতিয়ে জানিবলৈ দিছে ৷
লগতে পঢ়ক:বিমল বৰাক পুনৰ বিধায়ক হিচাপে বিচাৰি টিংখাঙত ৰাইজৰ প্ৰাৰ্থনা