বাক্সা, 12 এপ্ৰিলঃ লক ডাউনৰ বাবে হায়দৰাবাদত আৱদ্ধ হৈ আছে বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ১ নং বগাজুলী গৌজনপুৰী গাঁৱৰ প্ৰায় ৩৫ জন যুৱক । তিনিবছৰে হাইদৰাবাদত কৰ্মৰত যুৱক কেইজনে নিজ নিজ পৰিয়ালক ভৰণ-পোষণ দি আছিল যদিও বিগত 19 দিনে খাদ্যৰ বাবে পৰিয়ালৰ লোকে পইছা প্ৰেৰণ কৰি থাকিবলগীয়া হোৱাত সমস্যাত পৰিছে পৰিয়াল তথা যুৱক কেইজন ৷
হায়দৰাবাদত আৱদ্ধ অসমৰ কেবাজনো যুৱক - লক ডাউনৰ বাবে হাইদৰাবাদত আৱদ্ধ অসমৰ কেবাজনো যুৱক
তিনিবছৰে হায়দৰাবাদত কৰ্মৰত যুৱক কেইজনে নিজ নিজ পৰিয়ালক ভৰণ-পোষণ দি আছিল যদিও বিগত 19 দিনে খাদ্যৰ বাবে পৰিয়ালৰ লোকে পইছা প্ৰেৰণ কৰি থাকিবলগীয়া হোৱাত সমস্যাত পৰিছে পৰিয়াল তথা যুৱক কেইজন ৷
![হায়দৰাবাদত আৱদ্ধ অসমৰ কেবাজনো যুৱক অসমৰ কেবাজনো যুৱক](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6763978-thumbnail-3x2-p.jpg)
অসমৰ কেবাজনো যুৱক
হাইদৰাবাদত আৱদ্ধ অসমৰ কেবাজনো যুৱক
লক ডাউনৰ ফলত ইতিমধ্যে বন্ধ হৈ পৰিছে যুৱক কেইজন কৰ্মৰত প্ৰতিষ্ঠানসমূহ ৷ লক ডাউনৰ বাবে শ্ৰমিক কেইজনক মজুৰি দিবলৈ অপাৰগ প্ৰতিষ্ঠানসমূহ ৷ সেয়ে কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰক যুৱক কেইজনক ঘৰলৈ উভটাই অনাৰ ব্যৱস্থা কৰি দিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে ৷ অথবা হায়দৰাবাদত তেওঁলোকৰ ৰেচনৰ ব্যৱস্থা কৰি দিবলৈ অনুৰোধ পৰিয়ালৰ লোকৰ ৷
পৰিয়ালৰ লোক