বাক্সা,২২ এপ্ৰিলঃদেশ তথা ৰাজ্যত কৰ’ণাই ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পাচতো একাংশই এতিয়াও মানি চলা নাই ক'ভিড প্ৰ'টকল । ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পোৱা মাৰাত্মক ক’ভিড-১৯ ৰ ভয়াৱহতাৰ প্ৰতিও যেন একাংশৰ মাজত এতিয়াও সজাগতা অভাৱ দেখা গৈছে ৷
মুছলপুৰৰ সাপ্তাহিক বজাৰত সামাজিক দূৰত্ব অথবা মাস্ক ব্যৱহাৰৰ নকৰাকৈয়ে একাংশ লোকৰ সমাগম হোৱা দেখা যায় ৷ নাই মাস্ক, নাই সামাজিক দূৰত্ব ৷ কোনো ধৰণৰ সজাগতা নোহোৱাকৈয়ে কণ কণ শিশুক লগত লৈ বজাৰ কৰিবলৈ অহা দেখা গ'ল একাংশ লোকক ।