বাক্সা,৪ মাৰ্চ: ক্ৰমাত প্ৰাৰ্থীত্ব কেন্দ্ৰিক সংঘাটে তীব্ৰ ৰূপ ধাৰণ কৰিছে বিজেপিৰ ভিতৰচ’ৰাত ৷ কোন সমষ্টিত কোনে পাব মিত্ৰজোটৰ প্ৰাৰ্থীত্ব তাকলৈ সমষ্টিয়ে সমষ্টিয়ে সৃষ্টি হৈছে তীব্ৰ উত্তেজনা ৷ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ বৰমাতো আৰম্ভ হৈছে প্ৰাৰ্থীত্ব কেন্দ্ৰিক সংঘাট ৷ বৰমাত হীৰা শৰণীয়াক প্ৰাৰ্থী হিচাপে নামানে বিজেপি কৰ্মীয়ে ৷ বৃহস্পতিবাৰে বাক্সা জিলাৰ ৬২ নং বৰমা বিধানসভা সমষ্টিত বিজেপিৰ বাক্সা জিলা সমিতিয়ে এখন সংবাদমেল সম্বোধন কৰি জিলাখনৰ অন্তৰ্গত তিনিওটা বিধানসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিবলৈ দাবী জনায় ৷
প্ৰাৰ্থীত্বক কেন্দ্ৰ কৰি বৰমাত বিজেপি কৰ্মীৰ মাজত সংঘাট - ASSAM ELECTION NEWS
কোন সমষ্টিত কোনে পাব মিত্ৰজোঁটৰ প্ৰাৰ্থীত্ব, তাকলৈ সমষ্টিয়ে সমষ্টিয়ে সৃষ্টি হৈছে তীব্ৰ উত্তেজনা ৷ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ বৰমাতো আৰম্ভ হৈছে প্ৰাৰ্থীত্ব কেন্দ্ৰিক সংঘাট ৷ হীৰা শৰণীয়াক প্ৰাৰ্থী হিচাপে নামানে বিজেপি কৰ্মীয়ে ৷
প্ৰাৰ্থীত্বক কেন্দ্ৰ কৰি বৰমাত বিজেপি কৰ্মীৰ মাজত সংঘাট
বাক্সা জিলা সমিতিৰ সভাপতি ৰাম দাহাল, ৰাজ্যিক সদস্য ৰমেশ চন্দ্ৰ দাস আৰু তৰুণ বসুমতাৰীয়ে সংবাদমেলত বিজেপিৰ বাহিৰে কোনো দলৰে প্ৰাৰ্থীক মানি নলয় বুলি সদৰি কৰাৰ লগতে দলীয় কোনো আলোচনা নোহোৱাকৈ সাংসদ নৱ কুমাৰ শৰণীয়াৰ প্ৰাৰ্থীত্বত বৰমাত মানি নলয় বুলিও উল্লেখ কৰে ৷ বিজেপি কৰ্মী সকলে হীৰা শৰণীয়া মূৰ্দাবাদ, বৰমাত পদুম ফুল লাগে, হীৰাৰ প্ৰাৰ্থীত্ব মানি নলওঁ আদি শ্ল'গান দি বিজেপিৰ কাৰ্যালয় উত্তাল কৰি তোলে ৷
Last Updated : Mar 4, 2021, 10:11 PM IST