অসম

assam

ETV Bharat / state

কুমাৰীকাটাত বিক্ৰীৰ বাবে নিয়া অৱস্থাত উদ্ধাৰ বিনামূলীয়া ৰেছন

ৰমজান মাহত দুখীয়া লোকসকলৰ মাজত বিতৰণ কৰিবলৈ আজমল ফাউণ্ডেচনে যোগান ধৰিছিল চাউল, দাইলকে ধৰি আন ৰেছনৰ সামগ্ৰী ৷ এই ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে বাক্সাৰ কুমাৰীকাটাত

কুমাৰীকাটাত বিক্ৰীৰ বাবে নিয়া অৱস্থাত উদ্ধাৰ বিনামূলীয়া ৰেছন

By

Published : May 13, 2019, 9:47 PM IST

বাক্সা,13 মে': বাক্সাৰ কুমাৰীকাটাত বিক্ৰীৰ বাবে নিয়া অৱস্থাত উদ্ধাৰ আজমল ফাউণ্ডেচনে যোগান ধৰা বিনামূলীয়া ৰেছন ৷ ৰমজান মাহত দুখীয়া লোকসকলৰ মাজত বিতৰণ কৰিবলৈ আজমল ফাউণ্ডেচনে যোগান ধৰিছিল চাউল, দাইলকে ধৰি আন ৰেছনৰ সামগ্ৰী ৷

কুমাৰীকাটাত বিক্ৰীৰ বাবে নিয়া অৱস্থাত উদ্ধাৰ বিনামূলীয়া ৰেছন

কিন্তু ট্ৰাকৰ পৰা মচজিদ চৌহদত কিছু সামগ্ৰী নমোৱাৰ পিচতে কুমাৰীকাটাৰ পাহি ষ্টোৰ নামৰ গেলামাল দোকানত আজমল ফাউণ্ডেচনৰ ষ্টিকাৰ লগোৱা কিছু সামগ্ৰী প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে ৷ এই ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে বাক্সাৰ কুমাৰীকাটাত ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত ৰাইজে পাহি ষ্টোৰৰ স্বত্তাধিকাৰী তথা অভিযুক্ত পচনুৰ আলীৰ বিৰুদ্ধে কুমাৰীকাটা আৰক্ষী চকীত এক এজাহাৰ দাখিল কৰিছে ৷

ABOUT THE AUTHOR

...view details