অসম

assam

By

Published : May 31, 2020, 7:10 PM IST

ETV Bharat / state

বাক্সাৰ মুছলপুৰত Covid 19 ত আক্ৰান্ত পাঁচ যুৱক

জিলাখনৰ মুছলপুৰৰ বাথৌপুৰী ক্ৰীড়া প্ৰকল্পৰ কোৱাৰেন্টাইন চেন্টাৰত যুৱক কেইজনক ৰখাৰ ব্যৱস্থা কৰা হয় ৷

Six new Covid 19 patient in Baksa
বাক্সাৰ মুছলপুৰত Covid 19 ত আক্ৰান্ত পাঁচ যুৱক

বাক্সা, 31 মে' :দেওবাৰে বাক্সা জিলাৰ মুছলপুৰৰ পাঁচজন যুৱকৰ দেহত Covid 19 ৰ অৱস্থিতি ধৰা পৰে ৷ জানিব পৰা মতে, বিগত ২৩ মে’ত চেন্নাইৰ পৰা অসমলৈ আহিছিল এই পাঁচ যুৱক ৷ লগে লগে জিলাখনৰ মুছলপুৰৰ বথৌপুৰী ক্ৰীড়া প্ৰকল্পৰ কোৱাৰেন্টাইন চেন্টাৰত যুৱক কেইজনক ৰখাৰ ব্যৱস্থা কৰা হয় ৷ পাঁচ যুৱক ক্ৰমে বাক্সাৰ মৃনাল দাস (শুৱনশ্ৰী), ৰুপম দাস (ভোগপাৰা), চৈতেন দাস (বগ্ৰীবাৰী), দ্বীপজ্যোতি শৰ্মা (শুৱনশ্ৰী), সুনীল ভূঞা (শুৱনশ্ৰী) ৷ আজি আটাইকেইজন যুৱকক বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয় ৷

ABOUT THE AUTHOR

...view details