বাক্সা,4 এপ্ৰিলঃকৰ’ণা ভাইৰাছৰ ফলত সমগ্ৰ বিশ্বত আতংকময় পৰিৱেশ বিৰাজ কৰি থকাৰ সময়তে বাক্সাৰ নাওকাটাৰ বাঙালীপাৰাত বহিঃৰাজ্যৰ ছগৰাকী লোকক উদ্ধাৰ কৰা হৈছে । উত্তৰ প্ৰদেশৰ ব্যক্তি কেইগৰাকীক উদ্ধাৰ হোৱাৰ পিছতে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয় ৷ জানিব পৰা মতে, ব্যক্তি ছয়গৰাকীয়ে কাপোৰ ব্যৱসায়ৰ সূত্ৰে বিগত ১২ মাৰ্চৰ পৰা বাঙালীপাৰা নিবাসী বাবুল আলীৰ ঘৰত আশ্ৰয় লৈ আছিল ৷
বাক্সাত উত্তৰ প্ৰদেশৰ ব্যক্তিক স্বাস্থ্য পৰীক্ষাৰ বাবে প্ৰেৰণ - বাক্সাৰ নাওকাটাৰ বাঙালীপাৰা
বাক্সাৰ নাওকাটাৰ বাঙালীপাৰাত উদ্ধাৰ হয় উত্তৰ প্ৰদেশৰ ছগৰাকী ব্যক্তি ৷ ব্যক্তি কেইগৰাকীক স্বাস্থ্য বিভাগে উদ্ধাৰ কৰি স্বাস্থ্য পৰীক্ষাৰ বাবে স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

উত্তৰ প্ৰদেশৰ ব্যক্তিক স্বাস্থ্য পৰীক্ষাৰ বাবে প্ৰেৰণ
উত্তৰ প্ৰদেশৰ ব্যক্তিক স্বাস্থ্য পৰীক্ষাৰ বাবে প্ৰেৰণ
অৱশেষত শনিবাৰে শুৱাগপুৰ আৰক্ষী আৰু নাওকাটা চিকিৎসালয়ৰ চিকিৎসক বাবুল আলীৰ গৃহত উপস্থিত হয় ৷ ততাতৈয়াকৈ দলটোৱে উক্ত স্থানত স্কেনিং কৰাৰ পিছতে স্বাস্থ্য পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷ চিকিৎসকে জানিবলৈ দিয়া অনুসৰি লোক কেইগৰাকীৰ স্বাস্থ্যত বৰ্তমানলৈ ক’ভিড ১৯ ৰ কোনো লক্ষণ ধৰা পৰা নাই ৷ উত্তৰ প্ৰদেশৰ মীৰাটৰ পৰা দিল্লীলৈ দুৰত্ব মাত্ৰ ৭০ কিল’মিটাৰ ৷ সেয়ে ভাইৰাছ সংক্ৰমণৰ সন্দেহত অধিক আৰু স্বাস্থ্য পৰীক্ষাৰ প্ৰয়োজন বুলি ব্যক্ত কৰে চিকিৎসকে ।