বাক্সা, ২৬ অক্টোবৰ: বাক্সা জিলাৰ বৰমাত থকা বাথৌ আশ্ৰম হাইস্কুলৰ ৰূপালী জয়ন্তী আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হয়(Silver Jubilee Celebration in Baksa)৷ ২৬ আৰু ২৭ অক্টোবৰত দুদিনীয়াকৈ অনুষ্ঠিত হ'ব এই ৰূপালী জয়ন্তী উৎসৱৰ(Silver Jubilee Celebration in Barma Batho Ashram High School) ৷ আজি অৰ্থাৎ বুধবাৰে পুৱা অনুষ্ঠানৰ মুখ্য দ্বাৰ উন্মোচন কৰে বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বিদ্যাসাগৰ ৰামছিয়াৰীয়ে ৷
অনুষ্ঠানত ৰূপালী জয়ন্তী বৰ্ষৰ সৈতে সংগতি ৰাখি ২৫ খন পতাকা উত্তোলন কৰা হয় ৷ ইয়াৰ পাছতেই ৰবিৰাম বড়ো সোৱঁৰণী মঞ্চ, মংগল সিং নাৰ্জাৰী সোৱঁৰণী ভোজনালয়, বগাধৰ চৌধুৰী সোৱঁৰণী অতিথিশালা গৃহ উন্মোচন কৰা হয় ৷ ১১ বজাত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আলোচনা চক্ৰ অনুষ্ঠিত হয় ৷ লগতে অনুষ্ঠানৰ সৈতে সংগতি ৰাখি প্ৰকাশ কৰা স্মৃতিগ্ৰন্থ উন্মোচন কৰে বাক্সা জিলাৰ স্কুল পৰিদৰ্শক ভবেন দেউৰীয়ে ৷
কাইলৈ অৰ্থাৎ ২৭ অক্টোবৰত পুৱা ৭ বজাত বৃক্ষৰোপণ কাৰ্যসূচীৰে আৰম্ভ হব দিনটোৰ কাৰ্যসূচী ৷ বৃক্ষৰোপণ কাৰ্যসূচীৰ পাছতে ৯ বজাত সাংস্কৃতিক শোভাযাত্ৰা উন্মোচন কৰিব বৰমা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিতুমণি গোস্বামীয়ে ৷ দুপৰীয়া ১২ বজাৰ পৰা ৬২ নং বৰমা বিধানসভা সমষ্টিৰ বিধায়ক ভূপেন বড়োৰ সভাপতিত্বত অনুষ্ঠিত হব মুকলি অধিৱেশন ৷