অসম

assam

ETV Bharat / state

বাক্সাৰ গাতিত শ্বেৰমান আলিৰ পুত্তলিকা দাহ - গাতিৰ শান্তি বজাৰ

বৃহস্পতিবাৰে বাক্সাৰ শালবাৰীৰ মহকুমাৰ অন্তৰ্গত গাতিৰ শান্তি বজাৰত শ্বেৰমান আলিৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে বাক্সা জিলা হিন্দু জাগৰণ মঞ্চই ।

Serman ali effigy burn at baksha
বাক্সাৰ গাতিত হিন্দু জাগৰণ মঞ্চৰ শ্বেৰমান আলিৰ পুত্তলিকা দাহ

By

Published : Oct 29, 2020, 7:55 PM IST

বৰমা, ২৯ অক্টোবৰঃ মিঞা মিউজিয়ামক লৈ কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলিয়ে কৰা মন্তব্যক লৈ ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ আৰু প্ৰতিক্ৰিয়া। বৃহস্পতিবাৰে বাক্সাৰ শালবাৰীৰ মহকুমাৰ অন্তৰ্গত গাতিৰ শান্তি বজাৰত শ্বেৰমান আলিৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে বাক্সা জিলা হিন্দু জাগৰণ মঞ্চই ।

বাক্সাৰ গাতিত হিন্দু জাগৰণ মঞ্চৰ শ্বেৰমান আলিৰ পুত্তলিকা দাহ

কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলিয়ে জেহাদীৰ সৃষ্টি কৰিব বিচৰা কাৰ্যক কোনোপধ্যেই কৃতকাৰ্য হ’ব দিয়া নহ’ব বুলি সকিয়াই দিয়ে হিন্দু জাগৰণ মঞ্চই ৷ প্ৰতিবাদত শ্বেৰমান আলি হুচিয়াৰ,অসমত বাংলাদেশীৰ দপদপনি নচলিব,জেহাদীৰ উৎপাত নচলিব আদি শ্ল’গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে হিন্দু জাগৰণ মঞ্চই।

লগতে পঢ়কঃ ডুমডুমাৰ দৈদাম চাহ বাগিছাত মৃতদেহ উদ্ধাৰ

ABOUT THE AUTHOR

...view details