বাক্সা, ১২ ডিচেম্বৰ: "অসম চৰকাৰে যোৱা তিনিবছৰ ধৰি প্ৰজ্ঞান ভাৰতী আঁচনিৰ (Pragyan Bharati Scheme) অধীনত ড৹ বাণীকান্ত কাকতি মেধা বঁটা (Dr Banikanta Kakati Merit award) প্ৰদান কৰি অহা হৈছে ৷ এইবছৰ আমি ছাত্ৰসকলকো এই বঁটা প্ৰদান কৰিছো ৷ এই বঁটা প্ৰদানৰ মূল উদ্দেশ্যই হৈছে উচ্চ শিক্ষাৰ দিশত ছাত্ৰ-ছাত্ৰীসকলক কেনেকৈ অনুপ্ৰাণিত কৰিব পাৰি তাৰেই এই প্ৰচেষ্টা ৷ প্ৰথমে ছাত্ৰীসকলৰ বাবে বিশেষকৈ এই বঁটা প্ৰদান কৰা হৈছিল যদিও এতিয়া ছাত্ৰ-ছাত্ৰী উভয়কে এই বঁটা প্ৰদান কৰা হৈছে’’ ৷বাক্সা জিলাৰ শিক্ষাৰ মানদণ্ডৰ সন্দৰ্ভত এই মন্তব্য প্ৰকাশ কৰে কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই (Urkhao Gwra Brahma at Scotty Distribution program)৷
লগতে তেওঁ কয়, ‘‘এই আঁচনিয়ে ছাত্ৰ-ছাত্ৰীসকলক যথেষ্ট উৎসাহ যোগাব ৷ চৰকাৰে এই আঁচনি দিয়েই থাকিব যদিও এই স্কুটী বিতৰণৰ দ্বাৰা আমি জিলাসমূহত গুণগত শিক্ষাৰ মানদণ্ড জানিবলৈ পাৰিছো ৷ বাক্সা জিলা এতিয়াও মধ্যমতে আছে ৷ আমিও বিচাৰো যে, গুণগত শিক্ষাৰ ক্ষেত্ৰত এদিন বাক্সা জিলা অসমৰ শীৰ্ষত থাকিব’’ ৷ বাক্সা জিলাৰ শিক্ষাৰ মানদণ্ডৰ সন্দৰ্ভত এই মন্তব্য প্ৰকাশ কৰে কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই ৷
ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিগত দিনকেইটাত প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ড৹ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান কৰি অহা হৈছে (Scotty Distribution program)৷ সোমবাৰে বাক্সা জিলাৰ বৰমা মহাবিদ্যালয় প্ৰেক্ষাগৃহত ড৹ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান সভাত উপস্থিত থাকে কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম (Urkhao Gwra Brahma at Barama)৷ অনুষ্ঠানটোত বিগত বৰ্ষত সুখ্যাতিৰে উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা বাক্সা জিলাৰ ৬৯৯ গৰাকী আৰু তামুলপুৰ জিলাৰ ৩৪২ গৰাকী ছাত্ৰ-ছাত্ৰীক একোখনকৈ স্কুটী প্ৰদান কৰা হয় ৷