বাক্সা,2 মে’: শনিবাৰে সমগ্ৰ দেশৰ লগতে ৰাজ্যতে পালন কৰা হ'ল শ্ৰমিক দিৱস ৷ আন আন প্ৰান্তৰ লগতে সদৌ অসম নিৰ্মাণ শ্ৰমিক সন্থাৰ উদ্যোগত বাক্সা জিলাৰ চৰ্ণা আঞ্চলিক নিৰ্মাণ শ্ৰমিক সন্থাই বিগত বৰ্ষসমূহৰ দৰে এইবাৰো পালন কৰিছে শ্রমিক দিৱস ৷
চৰ্ণা আঞ্চলিক নিৰ্মাণ শ্ৰমিক সন্থাৰ শ্ৰমিক দিৱস পালন - কৰ'ণা মহামাৰী
চৰ্ণা আঞ্চলিক নিৰ্মাণ শ্ৰমিক সন্থাই বিগত বৰ্ষসমূহৰ দৰে শনিবাৰে পালন কৰিলে শ্ৰমিক দিৱস ৷

চৰ্ণা আঞ্চলিক নিৰ্মাণ শ্ৰমিক সন্থাই পালন কৰিলে শ্ৰমিক দিৱস
কিন্তু এইবাৰ সমগ্ৰ বিশ্বৰ লগতে অসমতো কৰ'ণা মহামাৰীয়ে ত্ৰাস চলোৱাৰ পৰিপেক্ষিতত ক'ভিড প্ৰট’কল মানি মুখত মাস্ক পৰিধান কৰি এইবেলি অনুষ্টুপীয়াকৈ পালন কৰিলে শ্ৰমিক দিৱস ৷ পুৱা ৯ বজাত পতাকা উত্তোলেনেৰে 50 গৰাকী শ্ৰমিক উপস্থিত থাকি আন আন কাৰ্যসূচী সমূহ পালন কৰা দেখা যায় ।