বাক্সা, ২১ এপ্ৰিল :বাক্সা জিলাৰ বাগানপাৰা শৰণীয়া কছাৰী সমন্বয় ক্ষেত্ৰত মঙলবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে শৰণীয়া কছাৰী জনগোষ্ঠীৰ কেন্দ্ৰীয় বাঁহ-গোঁসাই উৎসৱ অনুষ্ঠিত হয় (Sarania Kasari Bamboo Gosai Festival Celebrated in Baksa) ৷ বুধবাৰে দুপৰীয়া ১২ বজাত অনুষ্ঠিত মুকলি সভাত উপস্থিত থাকে বিটিচি পৰিষদৰ অধ্যক্ষ প্ৰমোদ বড়ো আৰু ভৈয়াম জনজাতি উন্নয়ন পৰিষদৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম ৷
মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই ভাষণ প্ৰসংগত কয় যে, এটা সময়ত সৰু সৰু জনগোষ্ঠীয়ে নিজৰ অস্তিত্ব হেৰুৱাইছিল ৷ কালক্ৰমত সময় বাগৰাৰ লগে লগে নিজৰ নিজৰ অস্তিত্ব, পৰিচয়, ধৰ্মক প্ৰতিষ্ঠা কৰিবলৈ আগবাঢ়ি আহিছে এয়া শুভ লক্ষণ ৷ একেদৰে শৰণীয়া কছাৰী জনগোষ্ঠীয়েও নিজক প্ৰতিষ্ঠা কৰিবলৈ আগবাঢ়ি আহিছে ৷ অৱশ্যে তেওঁ এই ক্ষেত্ৰত বুদ্ধিজীৱী, দাৰ্শনিকসকলৰ গুৰুত্ব আহি পৰিছে বুলি ভাষণত উল্লেখ কৰে ৷