বাক্সা, 26 নৱেম্বৰ:বিটিচিত ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে ৰাজনৈতিক বতাহ ৷ বিটিচিৰ শাসনৰ গাদী দখলৰ বাবে প্ৰতিটো ৰাজনৈতিক দলেই অব্যাহত ৰাখিছে তৎপৰতা ৷ দলসমূহৰ মাজত সৃষ্টি হৈছে বোকা ছটিওৱা ৰাজনীতি ৷ এনে সময়তে বিভিন্ন দল সংগঠন তথা ব্যক্তি বিশেষে সমৰ্থন আগবঢ়াইছে নিজ নিজ পছন্দৰ দল তথা প্ৰাৰ্থীক ৷ ইয়াৰ মাজতেই এইবাৰ ইউপিপিএল দলক মুকলি সমৰ্থন আগবঢ়াইছে শৰণীয়া কছাৰী জনগোষ্ঠীয়ে ৷
বাক্সাৰ গোৰেশ্বৰৰ বেঙেনাহাটী সত্ৰত বৃহস্পতিবাৰে শৰণীয়া কছাৰী জনগোষ্ঠীৰ এখন বিশাল জনসভা অনুষ্ঠিত হয়। এই সভাত ইউপিপিএল দলৰ মুৰব্বী প্ৰমোদ বড়োৰ লগতে ৩০ নং গোৰেশ্বৰ সমষ্টিৰ ইউপিপিএল দলৰ প্ৰাৰ্থী পবিত্ৰ কুমাৰ বড়োয়ে অংশগ্ৰহণ কৰে । প্ৰমোদ বড়ো আৰম্ভণিতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত শোক প্ৰকাশ কৰে আৰু তেওঁৰ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা জনায় ৷ তেওঁ লগতে এইবাৰ বিটিচিত ইউপিপিএল দলৰ চৰকাৰ নিশ্চিত বুলি উল্লেখ কৰে ৷ আনহাতে মিত্ৰতাৰ সন্দৰ্ভত দলটোৱে বৰ্তমানলৈ কোনো সিদ্ধান্ত লোৱা নাই বুলি জানিবলৈ দিয়ে ৷