বৰমা, 18 ফেব্ৰুৱাৰীঃ বাক্সাৰ মুছলপুৰত ‘সংস্কাৰ, মানুহে মানুহৰ বাবে’ শীৰ্ষক আলোচনা চক্ৰ ৷ বাক্সা জিলা প্ৰশাসনৰ উদ্যোগত মুছলপুৰত সোমবাৰে উপায়ুক্তৰ সভাকক্ষত এই আলোচনা চক্ৰখন অনুষ্ঠিত হয় ৷ এই আলোচনা চক্ৰখনত উপস্থিত থাকি অসম বিজ্ঞান প্ৰযুক্তি বিদ্যা আৰু পৰিৱেশ পৰিষদৰ সঞ্চালক ড৹ অৰূপ কুমাৰ মিশ্ৰই ডাইনী হত্যাকে ধৰি সমাজত প্ৰচলিত বিভিন্ন অন্ধ বিশ্বাসৰ বিৰুদ্ধে জনসাধৰণক সজাগ কৰি তোলাৰ বাবে ৰাইজলৈ মুকলি আহ্বান জনায় ৷ তেওঁ আজিৰ বিশ্বায়নৰ যুগত মিছা অপবাদ লৈ কাম কৰিলে বৰ্তমানৰ আমাৰ সমাজখন বহুত পিছুৱাই যাব বুলি উল্লেখ কৰি বিজ্ঞানক সমাজৰ অবিচ্ছেদ্য অংগত পৰিণত কৰি ল’বলৈ সকলোকে আহ্বান জনায় ৷ কুসংস্কাৰৰ বিৰুদ্ধে দৃঢ়তাৰে ঐক্যবদ্ধ হৈ কাম কৰি প্ৰত্যককে একো-এগৰাকী সু-নাগৰিক হিচাপে গঢ় দিয়াৰ ওপৰতো মিশ্ৰই গুৰুত্ব আৰোপ কৰে ৷
মুছলপুৰত "সংস্কাৰ, মানুহে মানুহৰ বাবে" শীৰ্ষক আলোচনা চক্ৰ - বাক্সা জিলাৰ অতিৰিক্ত উপায়ুক্ত মৃগাংক চৌধুৰী
বাক্সা জিলা প্ৰশাসনৰ উদ্যোগত মুছলপুৰত সোমবাৰে উপায়ুক্তৰ সভাকক্ষত ‘সংস্কাৰ, মানুহে মানুহৰ বাবে’ শীৰ্ষক এখন আলোচনা চক্ৰ অনুষ্ঠিত হয় ৷ এই আলোচনা চক্ৰখনত উপস্থিত থাকি অসম বিজ্ঞান প্ৰযুক্তি বিদ্যা আৰু পৰিৱেশ পৰিষদৰ সঞ্চালক ড৹ অৰূপ কুমাৰ মিশ্ৰই ডাইনী হত্যাকে ধৰি সমাজত প্ৰচলিত বিভিন্ন অন্ধ বিশ্বাসৰ বিৰুদ্ধে জনসাধৰণক সজাগ কৰি তোলাৰ বাবে ৰাইজলৈ মুকলি আহ্বান জনায় ৷

এই আলোচনা চক্ৰখন আনুষ্ঠানিকভাৱে আৰম্ভ কৰে বাক্সা জিলাৰ উপায়ুক্ত ৰঞ্জন শৰ্মাই ৷ তেওঁ মাতৃসকলক বিজ্ঞান মনস্ক হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷ এই আলোচনা চক্ৰখনত আৰক্ষী অধীক্ষক থুবে প্ৰতীক বিজয় কুমাৰ, একটেকৰ বিষয়া মনিষা শৰ্মা, কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী সুনীল ভট্টাচাৰ্য, স্থানীয় চিকিৎসক মোহন চন্দ্ৰ বড়ো, বাক্সা জিলাৰ অতিৰিক্ত উপায়ুক্ত মৃগাংক চৌধুৰী তথা বাক্সা জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক ৰমেশ চন্দ্ৰ চুটীয়াকে ধৰি বহু বিশিষ্ট ব্যক্তিৰ লগতে স্থানীয় বহু লোক উপস্থিত থাকে ৷
আৰু পঢ়কঃনলবাৰীত পথাৰত কিয় নামিল আছু নেতা !