অসম

assam

ETV Bharat / state

আঞ্চলিক শ্ৰীমন্ত শংকৰদেৱ কলামঞ্চৰ ৰূপালী জয়ন্তী মহোৎসৱৰ সামৰণি - শ্ৰীমন্ত শংকৰদেৱ কলা মঞ্চ

বাক্সা জিলাৰ আনন্দপুৰত আঞ্চলিক শ্ৰীমন্ত শংকৰদেৱ কলা মঞ্চত অনুষ্ঠিত হোৱা ৰূপালী জয়ন্তী মহোৎসৱৰ দেওবাৰে সফলভাৱে সামৰণি পৰে । অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজিত মুকলি সভাত উপস্থিত থাকে কেইবাগৰাকীয়ো বিশিষ্ট ব্যক্তি ।

আঞ্চলিক শ্ৰীমন্ত শংকৰদেৱ কলামঞ্চৰ ৰূপালী জয়ন্তী মহোৎসৱৰ সামৰণি
আঞ্চলিক শ্ৰীমন্ত শংকৰদেৱ কলামঞ্চৰ ৰূপালী জয়ন্তী মহোৎসৱৰ সামৰণি

By

Published : Feb 14, 2021, 9:15 PM IST

বাক্সা, ১৪ফেব্ৰুৱাৰী:বাক্সা জিলাৰ আনন্দপুৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নীতি আদৰ্শৰ ওপৰত স্থাপিত আঞ্চলিক শ্ৰীমন্ত শংকৰদেৱ কলামঞ্চৰ ৰূপালী জয়ন্তী মহোৎসৱৰ দেওবাৰে সামৰণি পৰে । তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ১২ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা ৰূপালী জয়ন্তী মহোৎসৱৰ আজি সফল সামৰণি পৰে ৷

সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন মুকলি সভাৰ আয়োজন কৰা হয় । য'ত ৰাজ্যৰ বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে । মুকলি সভাত বিশিষ্ট অতিথি হিচাপে অংশ লয় অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মা, শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ শংকৰদেৱ চৰ্চা বিভাগৰ মুৰব্বী অধ্যাপক জগত চন্দ্ৰ কলিতা, বিটিচি পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়ো, বৰমা বিধানসভা সমষ্টিৰ বিধায়ক মনেশ্বৰ ব্ৰহ্ম, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাক্সা জিলা সমিতিৰ উপদেষ্টা মহেন্দ্ৰ নাথ দাসসহ কেইবাগৰাকী ব্যক্তি ।

সভাত প্ৰতিগৰাকী বিশিষ্ট ব্যক্তিয়ে মহাপুৰুষজনাৰ আদৰ্শ অনুসৰণ কৰিবলৈ ৰাইজক আহ্বান জনায় । লগতে মহাপুৰুষজনাৰ সমাজৰ প্ৰতি থকা অৱদানৰ বিষয়েও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ব্যক্তিসকলে ।

সভাত সাংবাদিক মনোহৰ ৰাজবংশীৰ সম্পাদনাত "গুণনিধি" নামৰ স্মৃতিগ্ৰন্থ এখনো উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাই ৷ আনহাতে অন্তিম দিনাৰ কাৰ্যসূচী অনুসৰি ৰাতিপুৱা ৯ বজাত ধৰ্মধ্বজা উত্তোলন কৰে আঞ্চলিক শ্ৰীমন্ত শংকৰদেৱ কলামঞ্চৰ সভাপতি বাসৱ ঠাকুৰীয়াই ৷ ইয়াৰ পিছতে উলিওৱা হয় এক বৰ্ণাঢ্য ভাগৱত শোভাযাত্ৰা ৷ ভাগৱত শোভাযাত্ৰাত শংকৰী কৃষ্টি-সংস্কৃতিৰ লগতে কেইবাটাও সাংস্কৃতিক দলে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক:সমষ্টিক লৈ স্থিতি স্পষ্ট নহয় দুই প্ৰধান ৰাষ্ট্ৰীয় দলৰ ৰাজ্যিক সভাপতিৰ

ABOUT THE AUTHOR

...view details