তামুলপুৰ,১৬ অক্টোবৰ:গোৰেশ্বৰৰ কেৰ্পাভিঠাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উদযাপন(Sankaradeva birth anniversary Tamulpur) । ধুমধামেৰে আবিৰ্ভাৱ মহোৎসৱ উদযাপন কৰে অঞ্চলবাসীয়ে । মণিকাঞ্চন আঞ্চলিক শাখাই উদযাপন কৰে এই মহোৎসৱ । ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিয়ে উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি কৰে কেৰ্পাভিঠাত ।
তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসুচীৰে আয়োজন কৰে এই মহোৎসৱৰ । ১৪ অক্টোবৰৰ পৰা আৰম্ভ হোৱা এই মহোৎসৱৰ প্ৰথমদিনা ভাগৱত স্থাপন আৰু বন্তি প্ৰজ্বলনেৰে কাৰ্য্যসুচীৰ শুভাৰম্ভণী কৰে মণিকাঞ্চন আঞ্চলিক শাখাই । দ্বিতীয় দিনাৰ কাৰ্য্যসুচী অনুসৰি প্ৰাতঃপ্ৰসংগ,সামুহিক চাফাই,ধৰ্মধ্বজা উত্তোলন,স্মৃতি তৰ্পন,প্ৰাৰ্থনা সভাৰ লগতে দিহা নাম প্ৰতিযোগিতা অনুষ্ঠিত হয় । দিহা নাম প্ৰতিযোগিতাত তামুলপুৰ, ওদালগুৰি, দৰং আৰু কামৰূপ জিলাৰ পৰা ২০ টাকৈ দলে অংশগ্ৰহণ কৰে ।
অন্তিম দিনা অৰ্থাৎ দেওবাৰে ভাগৱত শোভাযাত্ৰা, ভাগৱত পাঠ আৰু ধৰ্মালোচনী সভাৰ কাৰ্য্যসুচী সমাপনৰ পিছতে সন্ধিয়া গুণমালা কীৰ্তনেৰে অনুষ্ঠানৰ সামৰণী পৰিব এই মহোৎসৱৰ । সন্ধিয়া ৮ বজাত অনুষ্ঠিত হ'ব সাংস্কৃতিক কাৰ্য্যসুচী । সাংস্কৃতিক অনুষ্ঠানত স্থানীয় শিল্পীৰ দ্বাৰা শংকৰী কলা কৃষ্টি প্ৰদৰ্শনৰ লগতে মঙ্গলদৈৰ পৰা আমন্ত্ৰণ কৰি অনা শিল্পীৰ দলে শংকৰী কলা কৃষ্টি প্ৰদৰ্শন কৰিব বুলি জানিবলৈ দিছে উদ্যোক্তাসকলে ।