বাক্সা, ১২মাৰ্চ:হাগ্ৰামা মহিলাৰীয়ে চৰকাৰী নীতি নিয়ম উলংঘা কৰি একনায়কত্ববাদী শাসনেৰে চৰকাৰ চলাইছিল, যাৰ ফলত ফৰেষ্টৰ পৰা আহিবলগীয়া ৰাজহ চৰকাৰৰ হাতলৈ নগৈ পোনে পোনে হাগ্ৰামা মহিলাৰীৰ হাতলৈ গৈছিল ৷ এই অভিযোগ আমাৰ নহয় বিটিআৰৰ ই.এম. ৰাকেশ ব্ৰহ্মই হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিলে ৷
হাগ্ৰামাৰ বিৰুদ্ধে বাক্সাত শিল-বালিৰ চিণ্ডিকেটৰ গুৰুতৰ অভিযোগ - sand rock syndicate at baksa
বাক্সাত দীৰ্ঘদিন ধৰি শিল-বালিৰ চিণ্ডিকেট চলোৱাৰ গুৰুতৰ অভিযোগ হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে । বিটিআৰৰ ই.এম. ৰাকেশ ব্ৰহ্মই এই অভিযোগ তোলাৰ লগতে এই কাৰ্য ভৱিষ্যতে বিটিআৰত কোনো কৰিব নোৱাৰে বুলিও সকীয়াই দিয়ে ।
খনন কাৰ্য চলি থকা সময়তে বাক্সা জিলাত এক অভিযান চলাই এই কথা সদৰি কৰে ই.এম গৰাকীয়ে । বাক্সা জিলাৰ দিৰিং নদীৰ ওপৰত খনন কাৰ্য্য অব্যাহত ৰখা অঞ্চলটোৰ পৰা খনন কাৰ্য্যত ব্যৱহৃত ডাম্পাৰ আৰু জেচিবি জব্দ কৰাৰ লগতে চালকক কৰায়ত্ত কৰি প্ৰশাসনক গতাই দিয়ে অভিযানকাৰী দলটোৱে ।
ইফালে চৰকাৰী অনুমতি অবিহনে কোনো লোকে অৱৈধভাৱে খনন কাৰ্য্যৰ লগতে শিল-বালি আদি নিব নোৱাৰিব বুলিও সকীয়াই দিয়ে ই.এম ৰাকেশ ব্ৰক্ষ্মই ৷ স্থানীয় বন বিষয়াক এই ক্ষেত্ৰত কঠোৰ হ'বলৈ তেওঁ আহ্বান জনায় ৷ চৰকাৰী ধন যাতে কোনো লোকে আত্মসাৎ কৰিব নোৱাৰে, তাৰ বাবেও চোকা নজৰ দিবলৈ আহ্বান জনাই ব্ৰহ্মই ৷
লগতে পঢ়ক:শিলাদিত্য দেৱৰ বাসগৃহত উপস্থিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
TAGGED:
sand rock syndicate at baksa