বৰপেটা, ২০ ফেব্ৰুৱাৰী: অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ আহ্বানত শালবাৰী মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে শনিবাৰে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ বাক্সাৰ শালবাৰীত জিলা শিক্ষা বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰি তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷
বাক্সাত জিলা শিক্ষা বিষয়াৰ কাৰ্যালয় ঘেৰাও প্ৰাথমিক শিক্ষক সন্মিলনীৰ - শালবাৰীত মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনী
শালবাৰীত মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰতিবাদী কাৰ্যসূচী ৷ চৰকাৰে প্ৰাথমিক শিক্ষকৰ দাবী পূৰণ নকৰিলে সমাগত বিধানসভা নিৰ্বাচনত ভোট বৰ্জনৰো হুংকাৰ শিক্ষকৰ ৷
উল্লেখযোগ্য যে, সংশোধিত দৰমহা বিধি অনুসৰি বিদ্যালয়সমূহত কৰ্মৰত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰা, স্নাতক শিক্ষকৰ ৮,৭০০ টকাৰ গ্ৰেড পে আদায় দিয়া, নতুন পেঞ্চন আঁচনি বাতিল কৰি পুৰণি পেঞ্চন নীতি বাহাল ৰখা, আৰ্জিত ছুটী বছৰি ৩০ দিনলৈ বৃদ্ধি কৰা আদি দাবীৰ সমৰ্থনত বিভিন্ন শ্লোগান দি উত্তাল কৰি তোলে জিলা শিক্ষা বিষয়াৰ কাৰ্যালয় ৷ আনহাতে, উক্ত দাবীসমূহ চৰকাৰে পূৰণ নকৰিলে সমাগত বিধানসভা নিৰ্বাচনত ভোট বৰ্জনৰো হুংকাৰ দিয়ে সন্মিলনীৰ শিক্ষকসকলে ৷
লগতে পঢ়ক:শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয় স্থৱিৰ: প্ৰশাসনিক কৰ্মচাৰীৰ অসহযোগ