বৰমা, 24 নৱেম্বৰ : সমগ্ৰ বিটিএডিত বিটিচি নিৰ্বাচন সুকলমে আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰাৰ বাবে বিটিএডিৰ চাৰিখন জিলাতেই তৎপৰতা বৃদ্ধি হোৱাৰ সমান্তৰালকৈ বাক্সা জিলাৰ শালবাৰী মহকুমাৰ দুটা পৰিষদীয় সমষ্টিৰ বাবেও মহকুমা প্ৰশাসনে নিৰ্বাচনী প্ৰস্তুতি তীব্ৰ গতিৰে আগবাঢ়াইছে ৷ বাক্সা জিলাৰ অতিৰিক্ত উপায়ুক্ত, ভাৰপ্ৰাপ্ত শালবাৰী মহকুমাৰ মহকুমাধিপতি তথা নিৰ্বাচনী বিষয়া নিত্য বিনোদ ওৱাৰীয়ে সংবাদ মাধ্যমক সদৰি কৰে যে, "শালবাৰী মহকুমাৰ অন্তৰ্গত দুটা পৰিষদীয় সমষ্টিৰ 20 নং মথনগুৰি পৰিষদীয় সমষ্টি(মুকলি) ত 78 টা ভোট কেন্দ্ৰ আৰু 21 নং শালবাৰী পৰিষদীয় সমষ্টি(জনজাতি) ত 95 টা ভোট কেন্দ্ৰকে ধৰি মুঠ 173 টা ভোটকেন্দ্ৰ আছে । ইয়াৰ ভিতৰত 4 টা ভোট কেন্দ্ৰ নিৰাপদ, 64 টা ভোট কেন্দ্ৰ তুলনামূলকভাৱে নিৰাপদ, 73 টা ভোট কেন্দ্ৰ স্পৰ্শকাতৰ আৰু 42 টা ভোট কেন্দ্ৰ অতি স্পৰ্শকাতৰ বুলি মহকুমা আৰক্ষীয়ে চিনাক্ত কৰি উলিয়াইছে ।"
মথনগুৰি পৰিষদীয় সমষ্টিত 2 টা মণ্ডল আৰু 6 খণ্ডত শালবাৰী পৰিষদীয় সমষ্টিত 2 টা মণ্ডল আৰু 7 টা খণ্ডত ভাগ কৰা হৈছে বুলি উল্লেখ কৰি নিৰ্বাচনী বিষয়া নিত্য বিনোদ ওৱাৰীয়ে পুনৰ কয়, "মথনগুৰি পৰিষদীয় সমষ্টিত 33,565 গৰাকী পুৰুষ আৰু 30,919 গৰাকী মহিলা ভোটাৰকে ধৰি মুঠ 64,484 গৰাকী ভোটাৰ থকাৰ বিপৰীতে শালবাৰী পৰিষদীয় সমষ্টিত 36,904 গৰাকী পুৰুষ আৰু 34,388 গৰাকী মহিলা ভোটাৰকে ধৰি মুঠ 71,292 গৰাকী ভোটাৰ আছে ।