অসম

assam

By

Published : Aug 24, 2022, 11:07 PM IST

Updated : Aug 25, 2022, 9:15 AM IST

ETV Bharat / state

বৰমালৈ গৌৰৱ কঢ়িয়াই আনিলে সুলেখক দেওবাৰ ৰামছিয়াৰীয়ে

বড়ো ভাষাৰ শিশু সাহিত্য বঁটা লাভ কৰিছে দেওবাৰ ৰামছিয়াৰীয়ে (Sahitya Academi Bal puraskar to Dewbar Ramchiary) । ‘‘লাংৱনানি বোখালি গোথো’’ নামৰ গ্ৰন্থ খনৰ বাবে লাভ কৰিছে এই বঁটা ৷

sahitya-academi-bal-puraskar-to-dewbar-ramchiary
বৰমালৈ গৌৰৱ কঢ়িয়াই আনিলে সুলেখক দেওবাৰ ৰামছিয়াৰীয়ে

বাক্সা, ২৪ আগষ্ট:সাহিত্য অকাডেমীৰ বাল পুৰস্কাৰ বঁটাৰে বিভূষিত হ'ল বাক্সা জিলাৰ বৰমাৰ নিজ জুলুকীৰ বাসিন্দা দেওবাৰ ৰামছিয়াৰী । বড়ো সাহিত্যৰ নিৰৱ সাধক ৰামছিয়াৰীয়ে "লাংগোনানি বখালি গোথো" (Langwnani bokhali gotho) নামৰ শিশু উপন্যাসখনৰ বাবে এই বঁটা লাভ কৰি বৰমালৈ গৌৰৱ কঢ়িয়াই আনে । বড়ো সাহিত্য সভাৰ সৈতে দীৰ্ঘদিন ধৰি জড়িত থকা দেওবাৰ ৰামছিয়াৰীয়ে ইতিমধ্যেই কেইবাখনো গ্ৰন্থ প্ৰকাশ কৰিছে ।

দেওবাৰ ৰামছিয়াৰীয়ে লাংগোনানি বখালি গোথো, চিচকিন আং আৰো গুবাং, অঞ্জালী ধাবা, অভাৰব্ৰিজকে ধৰি ছয়খনকৈ গ্ৰন্থ লিখি পঢ়ুৱৈৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে । তেখেতৰ এই বঁটাৰ বাবে উৎফুল্লিত হৈ পৰিছে তেখেতৰ সহধাৰ্মিনী তথা শিক্ষয়িত্ৰী বেনু মুছাহাৰী । তেখেতক লিখাৰ বাবে উৎসাহ জনোৱা কথাও দোহাৰে বেনু মুছাহাৰীয়ে । ভৱিষ্যতে আৰু যাতে লিখি আগুৱাব পাৰে তাকেই কামনা কৰিছে পত্নীয়ে ।

বৰমালৈ গৌৰৱ কঢ়িয়াই আনিলে সুলেখক দেওবাৰ ৰামছিয়াৰীয়ে

২০১৪ চনতে লিখা শিশু উপন্যাসখনৰ বাবে দেওবৰ ৰামছিয়াৰীয়ে এই বঁটা লাভ কৰিছে(Sahitya Academi Bal puraskar for Boro) ৷ অৱশ্যে ইটিভি ভাৰতৰে হোৱা সাক্ষাৎকাৰত তেখেতে এই বঁটা পাব বুলি ভবা নাছিল বুলি জানিবলৈ দিয়ে । তেওঁ আজি এই সন্মান লাভ কৰে অত্যন্ত সুখী বুলি দোহাৰি সাহিত্য চৰ্চা কৰি যাব বুলি জানিবলৈ দিয়ে । লগতে ভৱিষ্যতে তেখেতে বৰমা ৰিডাৰ্চ ফ'ৰামৰ জড়িয়তে পঢ়াৰ পৰিৱেশ গঢ়াৰ কথা দোহাৰে ।

লগতে পঢ়ক:অসমৰ চাৰিগৰাকী লেখকলৈ সাহিত্য অকাডেমীৰ যুৱ আৰু শিশু সাহিত্য বঁটা

Last Updated : Aug 25, 2022, 9:15 AM IST

ABOUT THE AUTHOR

...view details