বাক্সা, 3 মাৰ্চ:ৰৌতা এনকাউণ্টাৰৰ ঘটনাই প্ৰতিমূহুৰ্ততে সলাইছে দৃশ্যপট (Rowta Police Encounter) ৷ ৰৌতাৰ এনকাউণ্টাৰৰ মৃতদেহৰ বিভ্ৰান্তি মাৰ নৌযাঁওতেই এইবাৰ ডিম্বেশ্বৰ মুছাহাৰীৰ সন্দৰ্ভত আৰক্ষীৰ বিস্ফোৰক ভাষ্য ৷ ওডালগুৰিৰ ৰৌতাত আৰক্ষীৰ গুলীত মৃত্যু হোৱা ডিম্বেশ্বৰ মুছাহাৰী প্ৰকৃততে এটা দুৰ্ধৰ্ষ ডকাইত আছিল ৷ কেনাৰামৰ লগত মিলি কেইবাটাও ডকাইতি কাণ্ডৰ সৈতে জড়িত আছিল ডিম্বেশ্বৰ মুছাহাৰীয়ে ৷ শুকুৰবাৰে সাংবাদিকৰ সন্মুখত এই মন্তব্য প্ৰকাশ কৰে বাক্সা জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে (Rowta Police on Dimbeswar encounter) ৷
লগতে আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে 2020 চনৰ পৰা 2022 চনৰ ভিতৰত বাক্সা, ৰঙিয়া আৰু ঢেকিয়াজুলিত সংঘটিত ডকাইতি কাণ্ডৰ সৈতে জড়িত আছিল ডিম্বেশ্বৰ মুছাহৰী আৰু কেনাৰাম বড়ো। সেই সময়ত বাক্সা আৰক্ষীয়ে ডিম্বেশ্বৰ মুছাহাৰীৰ ঘৰৰ পৰা পিষ্টল আৰু গুলী উদ্ধাৰ কৰিছিল । আৰক্ষীৰ তথ্য অনুসৰি ডিম্বেশ্বৰ এটা অপৰাধী ৷ ডিম্বেশ্বৰ এটা কুখ্যাত ডকাইত ৷
উল্লেখ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনাৰ পিচতেই বৃহস্পতিবাৰে ওদালগুৰিৰ ৰৌতাৰ দৈফাঙৰ মাথী দৈমাৰীৰ বাসগৃহত চি আই ডি বিষয়া অমৃত ভূঞাৰ তত্বাৱধানত এটা তিনিজনীয়া দল উপস্থিত হয় (CID investigate Rowta Encounter) ৷ তিনিজনীয়া দলটোৱে ৰৌতা থানাত উপস্থিত হৈ ৰৌতা আৰক্ষীৰ সহযোগত মাথী দৈমাৰীৰ বাসগৃহত উপস্থিত হৈ এনকাউণ্টাৰৰ সন্দৰ্ভত সোধা পোছা কৰে (Rowta Police Encounter) ৷