অসম

assam

ETV Bharat / state

বাক্সাত ৰঙালী বিহু সন্মিলনৰ সফল সামৰণি

বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত বাৰেঙাবাৰী মেডিকেল খেল পথাৰত বুধবাৰে সফলভাৱে সামৰণি পৰে ৰঙালী বিহু সন্মিলনৰ ৷ সম্পূৰ্ণ ক’ভিড প্ৰটকল মানি অনুষ্টুপীয়াকৈ উদযাপন কৰা হয় এই সন্মিলনখনি ৷

baksa rongali bihu concluded
বাক্সাত ৰঙালী বিহু সন্মিলনৰ সামৰণি

By

Published : Apr 22, 2021, 7:28 PM IST

বাক্সা,22 এপ্ৰিল : বুধবাৰে বিয়লি ভাগত বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত বাৰেঙাবাৰী মেডিকেল খেল পথাৰত অনুষ্ঠিত হয় ৰঙালী বিহু সন্মিলন ৷ বাৰেঙাবাৰী (ৰহাৰপাম) ৰাইজৰ উদ্যোগত অনুষ্ঠিত হয় এই বিহু সন্মিলনখনি ৷

বাক্সাত ৰঙালী বিহু সন্মিলনৰ সামৰণি

উক্ত ৰঙালী বিহু সন্মিলনত শালবাৰী, মুছলপুৰ, বৰপেটাৰোড আৰু পাঠশালাকে ধৰি মুঠ চাৰিটাকৈ বিহু হুঁচৰি দলে মুকলি বিহু প্ৰদৰ্শন কৰি আপ্লুত কৰে দৰ্শকবৃন্দক । উদ্যোক্তা সমিতিৰ তৰফৰ পৰা জানিবলৈ দিয়ে যে, অন্য বছৰৰ দৰে এইবেলিও তেওঁলোকে এই বিহু সন্মিলনখন অনুষ্ঠিত কৰে ৷

কৰ’ণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি সম্পূৰ্ণ ক’ভিড প্ৰটকল মানি অনুষ্টুপীয়াকৈ উদযাপন কৰি প্ৰশাসনৰ নিৰ্দেশমৰ্মে সন্ধিয়া 6 বজাতেই বিহু সন্মিলনখনিৰ সামৰণি মাৰে বিহু উদযাপন সমিতিয়ে ৷

লগতে পঢ়ক :অ’এনজিচি বিষয়াৰ অপহৰণ জৰিত থকাৰ সন্দেহত আটক এজন

ABOUT THE AUTHOR

...view details