তামুলপুৰ, 2 ছেপ্টেম্বৰ :চোৰ বিদ্যা উত্তম বিদ্যা, ধৰা পৰিলে শিলৰ খুন্দা ৷ এই আপ্তবাক্যশাৰী বাৰুকৈয়ে প্ৰতিফলিত হৈছোে গোৰেশ্বৰত ৷ এজন লোকৰ ধনৰ মোনাত হাত দি ৰঙা ঘৰৰ আলহী হ’ল জ্যোতিষ কলিতা নামৰ এজন যুৱক ৷ গোৰেশ্বৰৰ ৰংমহল গাঁৱৰ অৰবিন্দ ডেকা নামৰ লোকজনে বজাৰ কৰিবলৈ আহোতেই চিলনীয়ে থপিওৱা দি টকাৰ মোনাখন থপিয়াই নিয়ে জ্যোতিষ কলিতাই ৷ ভুক্তভোগী লোকজনে চিঞৰ বাখৰ কৰাত স্থানীয় ৰাইজে আটক কৰিবলৈ সক্ষম হয় চোৰটোক ৷
মাকলৈ মনত পেলাই হিয়া ভগা কান্দোন চোৰৰ - চিলনী চোৰ
এটা চিলনী চোৰৰ বিলৈ ৷ চুৰ কৰিলে ধৰাও পৰিল ৷ তাৰ পাচত ৰাইজৰ আগত হুৰাহুৰে কান্দোন ওলাল চোৰৰ ৷ ৰাইজে, ধৰি বান্ধি চোৰক গটালে আৰক্ষীক ৷
robber arrested at goreswar
ধৃত চোৰটোক কেৰ্পাভিঠা চকত আবদ্ধ কৰি ৰাখি গোৰেশ্বৰ আৰক্ষীক খবৰ দিয়ে । আৰক্ষী উপস্থিত হোৱাৰ পিছতহে ৰাইজে গম পালে যে যুৱকজনে ঘৰৰ মানুহকো অত্যাচাৰ কৰে । পূৰ্বতেও বহুবাৰ থানাৰ আলহী হৈছে জ্যোতিষ কলিতা । বৰ্তমান পুনৰ গোৰেশ্বৰ আৰক্ষীৰ লক্ আপত বন্দী যুৱকজন ৷
লগতে পঢ়ক :নাহৰকটীয়াৰ নামফাকে বৌদ্ধ বিহাৰত অতিথিশালাৰ অধাৰশিলা স্থাপন