হিমন্তৰ গড়কাপ্তানী বিভাগত ঠিকাদাৰৰ মইমতালি! - গোৰেশ্বৰৰ-বয়াগলা সংযোগী গড়কাপ্তানী পথৰ দুৰৱস্থা
নিৰ্মাণৰ এদিন পিচতে চকলা চকলকৈ এৰাল পকী পথৰ কাৰ্পেটিং ৷ ঠিকাদাৰৰ হেমাহীৰ বিৰুদ্ধে সৰৱ স্থানীয় ৰাইজ ৷ শীঘ্ৰেই তদন্ত দাবী কৰিছে ৰাইজে ৷ গোৰেশ্বৰৰ-বয়াগলা সংযোগী গড়কাপ্তানী পথটোৰ এটা অংশ পুনৰ নিৰ্মাণৰ এদিন পিছতে চকলা চকল কৈ এৰাই যোৱাৰ পিচত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অঞ্চলটোত ৷

তামুলপুৰ, 12 চেপ্তেম্বৰঃ তামুলপুৰ মহকুমাৰ অন্তৰ্গত গোৰেশ্বৰৰ বয়াগলা গড়কাপ্তানী পথটোৰ এটা অংশ পুনৰ নিৰ্মাণৰ এদিন পিছতে চকলা চকল কৈ এৰাই যোৱাৰ পিচত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অঞ্চলটোত ৷ পথটোৰ কাৰ্পেটিঙৰ স্তৰ সমূব এৰাই যোৱাৰ লগতে বিধ্বস্ত হৈ পৰে সমগ্ৰ পথছোৱা৷ গোৰেশ্বৰৰ পৰা আন্ধেৰীঘাট সংযোগী এই বয়াগলা পথটো দীৰ্ঘ দিন ধৰি বিধস্ত হৈ আছিল । পথটোৰে যাতায়ত কৰা যাত্ৰীসকল বিভিন্ন সময়ত দুৰ্ঘটনাত পতিত হ'বলগীয়া ঘটনাও সংঘটিত হৈছে ৷ বিভিন্ন সময়ত ৰাইজৰ লগতে কেবাটাও ছাত্ৰ সংগঠনে পথটো পুনঃ নিৰ্মাণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী উৎথাপন কৰি অহাৰ পিচত পথটো হাজলপাৰাৰ পৰা খৈৰাবাৰী আন্ধেৰীঘাট সংযোগী পথটো প্ৰায় চাৰি কিলোমিটাৰ পুনঃ নিৰ্মাণৰ ব্যৱস্থা কৰি দিছিল বিভাগীয় কৰ্তৃপক্ষই । কিন্তু ঠিকাদাৰৰ গাফিলতিৰ বাবে পুনৰ নিৰ্মানৰ পিচতে এৰাই যায় ৷