বাক্সা,15 মে': "ৰাইজে নখ জোকাৰিলে নৈ বয়" উক্ত বাক্যশাৰী আগত ৰাখিয়েই বাক্সাৰ জালাহ উন্নয়ন খণ্ডৰ অন্তৰ্গত নতুন বৰলা গাঁৱৰ ৰাইজে নিজৰ গাঁঠিৰ ধন খৰচ কৰি ৰাজঘাট অঞ্চলত নিৰ্মাণ কৰিলে এটি পথ । স্বাধীনতাৰ ৭০ বছৰ পিছতো চৰকাৰৰ চকুত নপৰা উক্ত পথটো নিৰ্মাণ কৰিলে গাঁৱৰ ৰাইজে ।
মন কৰিবলগীয়া যে, বহুবছৰৰ পৰা গাঁৱৰ সৰ্বসাধাৰণ লোকে জীয়াতু ভূগি বোকাময় পথটোৰে অহা-যোৱা কৰি আছিল । কিন্তু জনপ্ৰতিনিধিৰ ফালৰ পৰা কোনো সঁহাৰি নাপাই গাঁৱখনৰ ৰাইজে মিলি প্ৰায় ৬০ হাজাৰ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিয়ালে পথচোৱা ।