বাক্সা, 28 ডিচেম্বৰঃৰাজ্যজুৰি হোৱা ক্ৰমাগত দুৰ্ঘটনাত নিঃশেষ কেইবাটাও জীৱন ৷ বাক্সাৰ কুমাৰীকাটাৰ গনেশগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ ভাৰত-ভূটান সীমান্তৰ ৰঙিয়া-ভূটান ৰাষ্ট্ৰীয় ঘাইপথৰ গনেশগুৰিত বাইক ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত বাইক আৰোহী অৰ্গা বড়ো নামৰ লাট গাওঁবুঢ়াৰ থিতাতে মৃত্যু হয় ৷
মৃত লোকজনৰ ঘৰ মটঙাপাৰ আঙাৰকাটাৰ বুলি জানিব পৰা গৈছে । উল্লেখ্য যে ট্ৰাকখন কুমাৰীকাটাৰ পৰা ভূটান অভিমুখে গৈ আছিল আৰু মৃত বাইক আৰোহীজন ভূটানৰ দিশৰ পৰা কুমাৰীকাটাৰ গৃহ অভিমুখে গৈ আছিল । আনহাতে দূৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতেই ট্ৰাক চালক গৰাকী পলায়ন কৰা বুলি স্থানীয় লোক সকলে জানিবলৈ দিয়ে ।