অসম

assam

ETV Bharat / state

তামুলপুৰত নিশা পথৰ মাজত জ্বলি উঠিল ডাম্পাৰ আৰু বাইক - AS 14 K 2593 নম্বৰত পঞ্জীয়নভুক্ত বাইক

বাক্সাৰ তামুলপুৰত নিশা পথ দুৰ্ঘটনাত এজন নিহত। পথৰ মাজত জ্বলি উঠিল ডাম্পাৰ আৰু বাইক ৷

তামুলপুৰত নিশা পথৰ মাজত জ্বলি উঠিল ডাম্পাৰ আৰু বাইক
তামুলপুৰত নিশা পথৰ মাজত জ্বলি উঠিল ডাম্পাৰ আৰু বাইক

By

Published : Aug 20, 2020, 11:42 PM IST

বাক্সা, 20 আগষ্ট :তামুলপুৰৰ ৰাজপথত নিশা এখন বাইকত খুন্দা মাৰি জ্বলি উঠে এখন ডাম্পাৰ । দুৰ্ঘটনাটোৰ সময়চোৱাত ডাম্পাৰখনে বাইক আৰোহীজনক প্ৰায় ৩০০ মিটাৰ মান দূৰলৈ মহতীয়াই নি কিছু দূৰত জ্বলি উঠে বাইকসহ ডাম্পাৰখন । ফলত বাইক আৰোহীজন থিতাতে নিহত হোৱা বুলি জানিব পৰা গৈছে । দুৰ্ঘটনাগ্ৰস্ত ডাম্পাৰখনৰ পঞ্জীয়ন নম্বৰ AS 25 CC 6386 বুলি জানিব পৰা গৈছে ৷

নিশা পথৰ মাজত জ্বলি উঠা ডাম্পাৰ আৰু বাইকখন

ৰঙিয়া হৈ কুমৰীকাটা অভিমুখে আহি থকা অৱস্থাত আৰু তামুলপুৰৰ পৰা ৰঙিয়া দিশে গৈ থকা AS 14 K 2593 নম্বৰত পঞ্জীয়নভুক্ত বাইকখনৰ সৈতে ডাম্পাৰখনৰ দুৰ্ঘটনাটো সংঘটিত হয় ৷

তামুলপুৰত নিশা পথৰ মাজত জ্বলি উঠিল ডাম্পাৰ আৰু বাইক

তামুলপুৰ সেনা চাউনীৰ সম্মুখৰ 127D ৰঙিয়া তামুলপুৰ ভূটান পথত এই দূৰ্ঘটনা সংঘটিত হয় । সেনাবাহিনী আৰু আৰক্ষীৰ লোকে নিৰ্বাপন কৰে জুই । অৱশ্যে বৰ্তমানলৈকে চিনাক্ত হোৱা নাই নিহত লোকজনৰ পৰিচয় ।

লগতে পঢ়কঃহাওৰাঘাটত শতাধিক বিজেপি কৰ্মীৰ কংগ্ৰেছত যোগদান

ABOUT THE AUTHOR

...view details