অসম

assam

ETV Bharat / state

বাক্সাত পাগলদিয়া নদীৰ গৰাখহনীয়া ৰোধৰ বিশেষ ব্যৱস্থা

বাক্সাত পাগলদিয়া নদীৰ গৰাখহনীয়া ৰোধৰ বাবে গাঁৱবাসীয়ে গ্ৰহণ কৰিলে বিশেষ ব্যৱস্থা ৷

By

Published : Aug 5, 2020, 4:23 AM IST

বাক্সাত পাগলদিয়া নদীৰ গৰাখহনীয়া ৰোধৰ বিশেষ ব্যৱস্থা
বাক্সাত পাগলদিয়া নদীৰ গৰাখহনীয়া ৰোধৰ বিশেষ ব্যৱস্থা

বৰমা, 5 আগষ্ট :বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ নয়াবস্তিৰ খৈৰাণী গাঁৱত পাগলদিয়া নদীত অবৈধভাৱে শিল-বালি খনন কৰা ট্ৰেক্টৰ,ডাম্পাৰ,জেচিবি আদিক প্ৰৱেশত বাধা দিয়ে স্থানীয় ৰাইজে ৷ ইতিমধ্যে ৰাইজে গাঁৱখনৰ সুৰক্ষাৰ কাৰণে দিনে নিশাই পহৰা দি আহিছে ৷ ৰাইজে অভিযোগ কৰা মতে,পাগলদিয়া নদীৰ উল্টাখন্দা খহনীয়াৰ ফলত ৰাইজে প্ৰতি বছৰে জীয়াতু ভুগি আহিছে ৷ ৰাইজে জানিবলৈ দিয়া মতে জনপ্ৰতিনিধিক ৰাইজে বহুবাৰ জনাইছে যদিও কোনো সুফল পোৱা নাই ৷ যাৰ বাবে এতিয়া ৰাইজে নিজাকৈ এইদৰে খহনীয়া ৰোধৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰে ৷

বাক্সাত পাগলদিয়া নদীৰ গৰাখহনীয়া ৰোধৰ বিশেষ ব্যৱস্থা

ABOUT THE AUTHOR

...view details