বাক্সা,১৯ মে':বিশ্ব ঐতিহ্য ক্ষেত্র মানাহ ৰাষ্ট্ৰীয় উদ্যানত ঘটিল আগে-পাছে নঘটা এটি ঘটনা ৷ উদ্যানখনত দুটা গঁড়ৰ মাজত হোৱা যুঁজত এটি মাইকী গঁড়ে হেৰুৱাই প্ৰাণ ৷ বুধবাৰে পুৱাৰ ভাগত মানাহ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই গঁড়টিৰ মৃতদেহ প্ৰত্যক্ষ কৰাতহে ঘটনাটি পোহৰলৈ আহে । ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জৰ ৰেঞ্জাৰ বাবুল ব্ৰহ্মই সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, উদ্যানখনৰ বাঁহবাৰী ৰেঞ্জৰ কাঁহিবাৰীত মঙলবাৰৰ নিশা দুটা গঁড়ৰ মাজত যুঁজ প্ৰত্যেক কৰিছিল বনকৰ্মীসকলে । কিন্তু বনৰীয়া জন্তুৰ মাজত হোৱা এই যুঁজৰ চূড়ান্তৰূপে যে মৃত্যু মাতিব পাৰে সেইটো বনকৰ্মীসকলে ভবা নাছিল ।
উল্লেখ্য যে, ৰেঞ্জাৰ বাবুল ব্ৰহ্মই সদৰী কৰা মতে, বিগত ১৪ এপ্রিলত পবিতৰা অভয়াৰণ্যৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ অনা হৈছিল এই মাইকী গঁড়জনীক । বিগত সময়ছোৱাত দুৰ্ঘটনাত পতিত হৈ উদ্য়ানখনৰ তিনিটাকৈ গঁড়ৰ মৃত্যু হৈছিল যদিও নতুনকৈ অনা গঁড়জনীৰ মৃত্যুৱে চিন্তিত কৰি তুলিছে বন বিভাগক ৷