বাক্সা, 9 ছেপ্তেম্বৰ : ক’ভিড(Covid) পৰিস্থিতিৰ মাজতে ভ্ৰাম্যমান থিয়েটাৰৰ(Bhramyaman Theatre) আখৰা আৰম্ভ কৰাৰ অনুমতি প্ৰদান কৰিছে ৰাজ্য চৰকাৰে ৷ সেইমৰ্মে বুধবাৰে বিটিআৰৰ(BTR) প্ৰথম অসমীয়া ভাষিক থিয়েটাৰ নয়নতৰা থিয়েটাৰৰ(Nayantara Theatre) আখৰাৰ শুভ উদ্বোধন কৰা হয় ।
বিগত দহটা বছৰে ভ্ৰাম্যমান থিয়েটাৰৰ মঞ্চৰ জৰিয়তে সমগ্ৰ অসমবাসীক মনোৰঞ্জনৰ খোৰাক জগাই আহিছে নয়নতৰা থিয়েটাৰে । হোম যজ্ঞ সমাপনৰ পাচত বিশিষ্ট শিল্পী নবীন বড়োৱে ফিটা কাটি নয়নতৰা থিয়েটাৰৰ মূল তোৰণ উদঘাটন কৰে ।
বাক্সাত নয়নতৰা থিয়েটাৰৰ আখৰাৰ শুভাৰম্ভ বিশিষ্ট সমাজকৰ্মী তথা জ্যেষ্ঠ অধিবক্তা গিৰিধৰ চৌধুৰীয়ে আখৰা গৃহ মুকলি কৰাৰ পাচত নয়নতৰা থিয়েটাৰৰ তৰফৰ পৰা কেইবাগৰাকীও সাংবাদিকক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয় । নাট্যকাৰ ৰঞ্জিত দাসে শুভাৰম্ভ কৰা আখৰাত বিশিষ্ট অভিনেতা প্ৰাণজিৎ দাস আৰু আগশাৰীৰ অভিনেত্ৰী বিজুমণি চুতীয়াই কৰা অভিনয়ৰে আখৰাৰ শুভাৰম্ভ কৰে ।
লগতে পঢ়ক:কহিনুৰ থিয়েটাৰৰ 2021-22 বৰ্ষৰ নাট্য যাত্ৰা বাতিল
ক’ভিড মহামাৰীৰ সৈতে যুঁজ দিবলৈ ওলাই আহি নয়নতৰা থিয়েটাৰৰ প্ৰযোজক নিকুঞ্জ দাসে কয়, ‘‘আমি ভ্ৰাম্যমান থিয়েটাৰৰ যোগেদিয়েই দৰ্শকৰ সৈতে সংলগ্ন হৈ থাকো ৷ কিন্তু ক’ভিড মহামাৰীৰ বাবে বিগত দুটা বছৰে আমি দৰ্শকৰ ওচৰত থাকিব পৰা নাই’’ ।
বিশিষ্ট অভিনেতা প্ৰাণজিৎ দাসে কয়, ‘‘পুনৰ দৰ্শকৰ ওচৰলৈ যোৱাৰ আশাৰে আমি বুলি উৎসাহিত হৈ পৰিছো । ক’ভিড সৃষ্ট পৰিৱেশৰ বাবে বহু কলা-কুশলী জীৱিকাৰ সন্ধানত আন কামত ব্ৰতী হৈছে । সেয়ে এইবছৰো আমি ভ্ৰাম্যমান থিয়েটাৰ নকৰিলে বহু কেইগৰাকী কলা-কুশলী হেৰুৱালোহেঁতেন’’ ।
ৰঞ্জিত দাসৰ পৰিচালনাৰে ‘কলংক’, সমৰেন্দ্ৰ বৰ্মনৰ ‘গুৰুদেৱ’ আৰু পংকজ চৌধুৰীৰ ’তেজীমলা’ এই তিনিখন নাটকেৰে দৰ্শকৰ মাজত পুনৰ আত্মপ্ৰকাশ ঘটিব নয়নতৰা থিয়েটাৰৰ । চৰকাৰে অনুমোদন দিলে 1 অক্টোবৰৰ পৰা নাট মঞ্চস্থ কৰিব থিয়েটাৰ গোষ্ঠীটোৱে ।
এইক্ষেত্ৰত আহ্বায়ক কমিটিসমূহৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰা বুলি প্ৰযোজক নিকুঞ্জ দাসে জানিবলৈ দিয়ে ৷
লগতে পঢ়ক:ভ্ৰাম্যমান থিয়েটাৰৰ আখৰাৰ অনুমতিক লৈ কি ক’লে বৰষাৰাণীয়ে ?