অসম

assam

ETV Bharat / state

আঞ্চলিকতাবাদী চৰকাৰেহে সমাধান কৰিব বড়ো-অবড়োৰ সমস্যা: সুজন দাস - Sujan Das

সোমবাৰে মুছলপুৰত অনুষ্ঠিত ৰাইজৰ দলৰ এক নিৰ্বাচনী প্ৰচাৰ সভাত ৬৩ নং চাপাগুৰি বিধানসভা সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী সুজন দাসে কয়, অসমত আঞ্চলিকতাবাদী দলৰ চৰকাৰ গঠন হ'লেহে বড়ো আৰু অবড়োৰ সকলো সমস্যাৰ ৰাজনৈতিকভাৱে সমাধান কৰাৰ পথ প্ৰশস্ত হ'ব ।

আঞ্চলিকতাবাদী চৰকাৰেহে সমাধান কৰিব বড়ো-অবড়োৰ সমস্যা: সুজন দাস
আঞ্চলিকতাবাদী চৰকাৰেহে সমাধান কৰিব বড়ো-অবড়োৰ সমস্যা: সুজন দাস

By

Published : Mar 29, 2021, 5:45 PM IST

বাক্সা,২৯ মাৰ্চ:অসমত আঞ্চলিকতাবাদী দলৰ চৰকাৰ গঠন হ'লেহে বড়ো আৰু অবড়োৰ সকলো সমস্যাৰ ৰাজনৈতিকভাৱে সমাধান কৰাৰ পথ প্ৰশস্ত হ'ব। এই মন্তব্য ৬৩ নং চাপাগুৰি বিধানসভা সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী সুজন দাসৰ ৷ সোমবাৰে মুছলপুৰত অনুষ্ঠিত দলটোৰ এক নিৰ্বাচনী প্ৰচাৰ সভাৰ অন্তত সাংবাদিকৰ আগত প্ৰাৰ্থী গৰাকীয়ে এই মন্তব্য কৰে ৷ প্ৰাৰ্থী গৰাকীয়ে কয়, অসমৰ জলন্ত সমস্যা সমূহ সমাধান কৰিবলৈ হ'লে অসমত এখন আঞ্চলিকতাবাদী চৰকাৰৰ প্ৰয়োজন । আঞ্চলিকতাবাদী চৰকাৰেহে ভাতৃঘাটী সংঘাত মষিমূৰ কৰিব পাৰিব ৷ বিটিচিত এতিয়া বিজেপি, ইউপিপিএল আৰু জিএছপিৰ মিত্ৰতা এক নিমিলা অংকত পৰিণত হৈছে। গতিকে ৰাইজে এই নিমিলা অংক এতিয়াহে বুজিছে ৷

ইপিনে, সমষ্টিটোৰ ইউপিপিএল দলৰৰ প্ৰাৰ্থী গৰাকীৰ প্ৰসংগত সুজন দাসে কয়, সমষ্টিটোৰ বহু লোকে প্ৰাৰ্থিত্বৰ দাবী কৰা স্বত্বেও অইন জিলাৰ পৰা এগৰাকী লোকক আনি ইউপিপিএলে প্ৰাৰ্থিত্ব দিয়াৰ বাবে স্বাভাৱিকতে সমষ্টিটোৰ দলীয় কৰ্মী সকলৰ ক্ষুদ্ধ হৈছে । দলীয় কৰ্মকৰ্তাই ক্ষুণ্ণ হোৱাৰ কাৰণে ইউপিপিএলৰ প্ৰাৰ্থী গৰাকী সুজন দাসৰ বাবে কোনো প্ৰত্যাহ্বান নহয় ৷

আনহাতে অখিল গগৈ সন্দৰ্ভত প্ৰাৰ্থী দাসে কয় যে, বিজেপি চৰকাৰে ৰাইজৰ নেতা গৰাকীক অন্যায় ভাৱে কাৰাৰুদ্ধ কৰি ৰাখিছে । চৰকাৰৰ ভুল নীতি দেখুৱাই দিয়াৰ বাবেই অখিল গগৈক কাৰাৰুদ্ধ কৰা বুলি অসমৰ লোকে জানে । অখিল গগৈ অসমৰ এক সংগ্ৰামী প্ৰতিভূ । এই সংগ্ৰামী প্ৰতিভূক আগুৱাই নিয়াৰ বাবে সকলোৱে কাম কৰিব লাগিব। অখিল গগৈক জে'লত ৰখাটো ৰাইজৰ দলৰ বাবে প্লাছ পইন্ট ৷

লগতে পঢ়ক:মাতৃৰ অসুস্থতা: কাৰ্যসূচী সামৰি ডিব্ৰুগড়লৈ লুৰিণ

ABOUT THE AUTHOR

...view details