বাক্সা, ২৯ ছেপ্টেম্বৰ : বাক্সা জিলাৰ বৰমাত আজি ভাৰতীয় ৰেডক্ৰছ ছচাইটী (Indian Red cross Society) আৰু গুৱাহাটী ৰেডক্ৰছ ছচাইটীৰ (Guwahati Red cross Society) উদ্যোগত আৰু বাক্সা জিলা ৰেড ক্ৰছ ছচাইটীৰ (Baksa District Red cross Society) দ্বাৰা বিভিন্ন সামগ্ৰী বিতৰণ কৰা হয় ৷
বিগত বাৰিষাত বাক্সা জিলাৰ বৰমা অঞ্চলৰ বিভিন্ন ঠাইত বানত ক্ষতিগ্ৰস্ত (Assam flood 2022) হোৱা প্ৰায় ৩৫০ টা পৰিয়ালক প্লাষ্টিকৰ টাৰ্পলিনৰ লগতে চাবোন, চেনিটাইজাৰ ইত্যাদি বিতৰণ কৰা হয় (Red cross Society distributed aids in Baksa) ৷ বৰমা আছু কাৰ্যালয়ত অনুষ্ঠিত সামগ্ৰী বিতৰণ অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটী ৰেডক্ৰছ ছচাইটীৰ উপ প্ৰবন্ধক লৱ শৰ্মা, বাক্সা জিলাৰ ৰেডক্ৰছ ছচাইটীৰ সম্পাদকদ্বয় ৰাজীৱ দাস, আলকাচ আলী ।