অসম

assam

ETV Bharat / state

বৰমাত বিশ্ব ৰেড ক্ৰছ দিৱস পালন - RED_CROSS_DAY

বৰমাৰ এম্পিয়াৰ একাডেমিত বাক্সা ৰেডক্ৰছ ছ'চাইটিৰ উদ্যোগত বিশ্ব ৰেডক্ৰছ দিৱস উদযাপন। এই দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ছাত্ৰ-ছাত্ৰীৰ মাজত ।

বৰমাত বিশ্ব ৰেড ক্ৰছ দিৱস পালন

By

Published : May 8, 2019, 10:12 PM IST

বৰমা,৮ মে' : সমগ্ৰ বিশ্বৰ লগতে বুধবাৰে বাক্সাৰ বৰমাত পালন কৰা হয় বিশ্ব ৰেড ক্ৰছ দিৱস। বৰমাস্থিত এম্পায়াৰ একাডেমিত বাক্সা ৰেডক্ৰছ ছ'চাইটিৰ উদ্যোগত অনুষ্ঠিত হোৱা অনুষ্ঠানত উপস্থিত থাকি বৰমা ৰাজহ চক্ৰ বিষয়া চাইফুদুল্লাহ খানে ছাত্ৰ ছাত্ৰীৰ আগত ৰেডক্ৰছে কৰা কামৰ ওপৰত বক্তব্য আগবঢ়ায় ৷ যুদ্ধ-বিগ্ৰহ, প্ৰাকৃতিক দুৰ্যোগ আদিত ৰেডক্ৰছৰ সদস্য সকলে কিদৰে কাম কৰিছিল আৰু কেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে তাৰ ওপৰত ৰাজহ চক্ৰ বিষয়া গৰাকীয়ে বিশদভাৱে বক্তব্য দিয়ে।

বৰমাত বিশ্ব ৰেড ক্ৰছ দিৱস পালন

অনুষ্ঠানত বজালী মহাবিদ্যালয়ৰ প্ৰাণী বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক নৃপেন্দ্ৰ নাথ শৰ্মাই উপস্থিত থাকি বৰ্তমান ছাত্ৰ-ছাত্ৰীৰ মাজত মোবাইল ফোনে ভয়াৱহ সংকেত নমাই আনিছে বুলি উল্লেখ কৰে ৷ "বড়োলেণ্ড" আলোচনীৰ মুখ্য সম্পাদক ৰজনী বৰজৌৱাৰীয়ে সঞ্চালনা কৰা সভাখনত উপস্থিত থাকে বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বিদ্যাসাগৰ ৰামছিয়াৰীৰ লগতে ভালেমান ছাত্ৰ-ছাত্ৰী। ইয়াৰ পূৰ্বে ৰাতিপুৱা ছাফাই অভিযান,বৃক্ষ ৰোপণ,ৰেড ক্ৰছ ছ'চাইটিৰ পতাকা উত্তোলন,ছাত্ৰ - ছাত্ৰীৰ মাজত চিত্ৰাংকণ, কুইজ প্ৰতিযোগিতাৰে অনুষ্ঠান আৰম্ভ কৰা হয় বুলি জানিবলৈ দিছে বাক্সা জিলা ৰেডক্ৰছ ছ'চাইটিৰ সম্পাদক আলকাচ আলীয়ে ৷

ABOUT THE AUTHOR

...view details