বাক্সা, ২৩ মে’ :বাক্সা জিলাৰ তামুলপুৰৰ ভাৰত-ভূটান সীমান্তৰ শান্তিপুৰ দৰঙা নৈৰ পাৰত পুতি থোৱা অৱস্থাত উদ্বাৰ হৈছে বৃহৎ পৰিমাণৰ অস্ত্ৰ ভাণ্ডাৰ । তামুলপুৰ মহকুমা আৰক্ষী বিষয়া অসীমা কলিতা আৰু তামুলপুৰৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দ্বীপেন কলিতাৰ নেতৃত্বত চোলোৱা হয় এই অভিযান ৷
অভিযানত উদ্ধাৰ হৈছে হেণ্ড গ্ৰেনেড 10 টা, 6 টা নাইন এম এম পিষ্টলৰ সজীৱ গুলী , এ কে 47 ৰ খালী মেগজিন এটা, এ কে 47 ৰ সজীৱ গুলী 235 টা, লিভাৰ 9 টা, ডিটেনেটৰ 3 টা আৰু ৰিভলভাৰ ৷ দেওবাৰে পুৱতি নিশা তিনি বজাৰ পৰা তামুলপুৰ আৰক্ষীয়ে চলাইছিল মাৰাথান অভিযান । ইতিমধ্যে ঘটনা সন্দৰ্ভত আটক কৰিছে চাৰিজনকৈ লোকক ।